জীৱ-জন্তু পুহিবলৈ বহুতেই ভাল পায় আৰু বহুতেই ইয়াক চখ পূৰণৰ কাৰণে অথবা কিছুমানে আকৌ এটা বৃত্তি হিচাপে লয়৷ পশু বা জন্তুপ্ৰেমীসকলৰ মাজৰ বহুতেই কুকুৰ, মেকুৰী আদি পোহপাল কৰে যদিও জন্তুবোৰৰ বিষয়ে বা সিহঁতৰ তথ্যবোৰ নাজানে আৰু পাছত যেতিয়া জানে তেওঁলোকে অবাক হৈ পৰে৷ আজি কুকুৰৰ এনে কিছুমান সাধাৰণ যেন লগা কিন্তু আশ্চৰ্যজনক তথ্যৰ বিষয়ে জনাব বিচাৰিছোঁ৷
কিছুমান সাধাৰণ কথা প্ৰত্যেকেই জনাটো জৰুৰী৷ মানুহকে ধৰি আন পশু-পক্ষী জীৱনত নানা অজানা তথ্য থাকে আৰু সেইবোৰৰ বিষয়ে জ্ঞান লাভ কৰিব লাগে৷ নিত্য নতুন তথ্য লাভে আমি দেখা জগতখন নিঃসন্দেহে আৰু ব্যপ্ত কৰে৷ ঘৰ এখনত পোহনীয়া কুকুৰে ঘৰখনৰ সৌন্দৰ্য বৰ্ধন কৰে আৰু গৃহস্থৰ জীৱনটো বেছ মজাৰ কৰি তোলে৷ বহুতেই আকৌ কুকুৰৰ সৈতে খেল-ধেমালি কৰিয়েই দিনটো কটাই দিয়ে৷ মনত ৰাাখিব কুকুৰৰ কিছুমান অভ্যাস বা স্বভাৱ অন্য প্ৰাণীতকৈ পৃথক৷ কুকুৰৰ নাকে সিহঁতৰ আঙুলিৰ চাপ হিচাপে কাম কৰে৷ প্ৰত্যেক মানুহৰ আঙুলিৰ চাপ যিদৰে ভিন্ন কুকুৰৰ নাকৰ ঘ্ৰাণে পৃথক পৃথক৷ কুকুৰৰ জাত অনুসৰি তথা বয়স অনুযায়ী এই চাপ পৰিৱৰ্তন হয়৷ ইয়াকে স্নুট বোলা হয়৷ বিভিন্ন জাতৰ কুকুৰৰ সামগ্ৰিক উচ্চতা আৰু স্বাস্থ্যৰ লগতে সিহঁতৰ নাকৰ আকৃতিও ভিন্ন দেখা যায়৷ আনহাতে ডালমেছিয়ান ভাৰতৰ এবিধ জনপ্ৰিয় কুকুৰৰ প্ৰজাতি৷ এই ডালমেছিয়ানৰ ৩০ শতাংশই কাণেৰে নুশুনে৷ এইবিধ কুকুৰৰ এটা বিশেষ জিন আছে৷ সেই কাৰণে সিহঁতৰ গাৰ ছাল বগা তথা চকু ক’লা অথবা নীলা বৰণৰ হয়৷ কুকুৰৰ গাত ক’লা দাগৰ পৰিমাণ বেছি থাকিলে বধিৰ হোৱাৰ সম্ভাৱনা কম৷ কমকৈ ক’লা দাগ থাকিলে বেছি বধিৰ হোৱা সম্ভাৱনা থাকে৷ আনহাতে গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ প্ৰাচীনতম কুকুৰৰ জাত হৈছে ছালুকি জাতৰ কুকুৰ৷ মিছৰীয় ৰজাই ৩২৯ খ্ৰীষ্টপূৰ্বত এই জাতৰ কুকুৰ পোহপাল দি ৰাখিছিল৷ বহুতেই এই কথাটো নাজানে যে কুকুৰৰ চকুৰ তিনিটা পতা আছে৷ আনহাতে আটাইতকৈ ভয়ংকৰ চিকাৰী কুকুৰৰ প্ৰজাতিটো হৈছে আফ্ৰিকান হাণ্টাৰ৷ ইয়াৰ গতি অত্যন্ত দ্ৰুত৷ যাক চিকাৰ হিচাপে বাছি লয় ৭০ শতাংশই সফল হয়৷ কিন্তু এই জাতৰ কুকুৰ অত্যন্ত অনুগতও৷ কুকুৰ প্ৰধান জানিবলগীয়া কথাটো হৈছে যে কোন ৰঙৰ প্ৰতি কুকুৰ অত্যন্ত খঙাল হয় অথবা কোনবিধ ৰঙে কুকুৰৰ উত্তেজিত কৰে, ইয়াৰ মেজাজক প্ৰভাৱিত কৰে৷ সাধাৰণতে মানুহৰ ক্ষেত্ৰত ৰঙা, কমলা, হালধীয়া আদি ৰঙে উত্তেজক কৰি তোলে আৰু বেঙুনীয়া, নীলা, বগা আদি ৰঙে অপেক্ষাকৃত শান্ত সমাহিত কৰে৷ কিন্তু কুকুৰৰ ক্ষেত্ৰত ক’লা ৰঙে ইয়াক উত্তেজিত তথা খঙাল কৰি তোলে৷ ক’লা ৰং দেখিলে কুকুৰৰ আচৰণৰ প্ৰভাৱিত কৰে আৰু অধিক খঙাল হৈ পৰে৷