৬ বছৰৰ ভিতৰতসূৰ্যত সৰ্ববৃহৎ বিস্ফোৰণ

0
132


সূৰ্যৰ ১১ বছৰীয়া সৌৰ চক্ৰ বৰ্তমান চৰম পৰ্যায়ত উপনীত হৈছে নেকি? সূৰ্যত শেহতীয়াকৈ হোৱা এক বিস্ফোৰণে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি সূৰ্যত ২০১৭ চনৰ পাছত এতিয়ালৈকে আটাইতকৈ বিশাল সৌৰশিখা দেখিবলৈ পোৱা হৈছে৷ ৩৫১৪ নামৰ এক সৌৰ কলংকৰ বিস্ফোৰণ হয়৷ এই বিস্ফোৰণ এক্স ২.৭ কেটেগৰীৰ বুলি কোৱা হৈছে৷ ইয়াৰ অৰ্থ হ’ল এহা দুই এদিনত এক বিশাৰ সৌৰ ধুমুহাই সৌৰ জগতৰ গ্ৰহসমূহক প্ৰবাৱিত কৰিব পাৰে৷ নাছাই আগতেই প্ৰকাশ কৰিছে যে বৰ্তমান ১১ বছৰীয়া সৌৰ চক্ৰ চলি আছে আৰু সূৰ্য অতি সক্ৰিয় অৱস্তাত আছে৷ ইয়াৰ ফলত মুকুট ভৰ নিৰ্গমণ আৰু সৌৰ শিখাৰ দৰে ঘটনা ঘটি আছে৷ এই প্ৰক্ৰিয়াটো ২০২৫লৈকে অব্যাহত থাকিব৷ শেহতীয়া বিস্ফোৰণৰ ফলত আজি আৰু কাইলৈ ভূ চৌম্বকীয় ধুমুহাৰ সৃষ্টি হ’ব পাৰে৷ ১৭ ডিচেম্বৰত ইয়াৰ তীব্ৰতা সৰ্বাধিক হ’ব পাৰে বুলি লগতে কোৱা হৈছে৷ মুকুট ভৰ নিৰ্গমণ সৌৰ প্লাজমাৰ বিশাল ডাৱৰ৷ এই ডাৱৰ সূৰ্যৰ চৌম্বকীয় ক্ষেত্ৰখনত প্ৰসাৰিত হৈ পৰে৷ মহাকাশত গতি কৰাৰ ফলত ই কেইবা লাখ কিল’মিটাৰ দূৰলৈকে গতি কৰে৷ কেতিয়াবা ই গ্ৰহৰ চৌম্বকীয় ক্ষেত্ৰত খুন্দা মাৰে৷ যেতিয়া ই পৃথিৱীৰ অভিমুখে গতি কৰে তেতিয়া ভূ-চৌম্বকীয় ক্ষেত্ৰত বিসংগতিৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ ফলত মহাকাশত থকা কৃত্ৰিম উপগ্ৰহবোৰত বিজুতিৰ সৃষ্টি হ’ব পাৰে বা মহাকাশচাৰীৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here