পানীৰ ফোটা বা টোপ গোলাকাৰ হোৱাৰ কাৰণ হৈছে ইয়াৰ পৃষ্ঠটান৷ এই পৃষ্ঠটাননো কি? পৃষ্ঠটান হৈছে তৰল পদাৰ্থৰ এক বিশেষ ধৰ্ম৷ তৰল পদাৰ্থৰ বিশেষ কোনো আকাৰ নাই৷ তৰল পদাৰ্থৰ অণুবোৰৰ বহুতেই মুক্তভাৱে থাকে৷ সেয়ে তৰল পদাৰ্থ যেনে পানী, গাখীৰ আদি যি পাত্ৰতে ৰখা হয়, সেই পাত্ৰৰে আকাৰ ধাৰণ কৰে৷ ইয়াৰ মানে কোনো পৃষ্ঠতলৰ যিকোনো বস্তু এখন প্লেট, গ্লাছ, গছৰ পাত আদিত পানী ৰাখিলে তৰলৰ উচিত গোটা পৃষ্ঠৰ ওপৰত পানী বাগৰি পৰে৷ পৰ্যাপ্ত পৰিমাণৰ পানী কোনো বস্তুৰ ওপৰত ৰাখিলে গোটা পৃষ্ঠভাগ জুৰি পানী ওফৰি পৰে৷ কিন্তু পানীৰ পৰিমাণ যদি কমলৈ ৰখা হয, যাক পানীৰ ফোটা বুলি কোৱা হয়, কোনো গোটা পৃষ্ঠৰ পৰা পানী উফৰি নপৰে৷ অথচ সাধাৰণ বিবেচনাত এনে হোৱাৰ উচিত আছিল, কাৰণ পানীৰ অণুবোৰ মুক্তভাৱে চলাচল কৰিব পাৰে৷ কিন্তু আচলতে পৃষ্ঠটানৰ কাৰণে এইটো নহয়৷ পৃষ্ঠটানৰ কাৰণ হ’ল তৰলৰ অণুবোৰৰ মাজত থকা পাৰস্পৰিক আকৰ্ষণ৷ এই আকৰ্ষণৰ বাবে তৰলৰ ভিতৰত থকা পৰমাণুবোৰ চাৰিওফালে আন সকলো অণুৰ দৰে টান অনুভৱ কৰে৷ সেয়ে এটা অণুৰ ওপৰত নিট আকৰ্ষণ বলশূন্য হয়৷ গ্লাছৰ পানীৰ ক্ষেত্ৰত ভালদৰে বুজিব পাৰি ইয়াৰ কাৰণবোৰ৷ ওপৰৰ দিশে টান নাথাকে গ্লাছৰ ওপৰৰ স্তৰৰ৷ কিন্তু গ্লাছৰ অণুৰ টানৰ বাবে গ্লাছৰ চাৰিওফাল তথা কাষৰ দিশে টান বাঢ়ি যায়৷ আনহাতে গ্লাছৰ ঘনত্বও বেছি৷ এই কাৰণে গ্লাছৰ ভিতৰৰ অংশত পানীৰ অণুবোৰৰ বেছি টান অনুভৱ কৰে৷ ইয়াৰ বাবে ওপৰৰ স্তৰৰ মাজৰ অণুবোৰ তলৰ দিশে গতি কৰাত পানীৰ ওপৰৰ দিশটো অৱতল হৈ উঠে৷ বৰষুণ বা টেপৰ পৰা পৰা পানী লাহে লাহে পৰা পাৰীৰ টোপাবোৰ গোলাকাৰ ফোটা তথা টোপৰ পৰিণত হয়৷ ইয়াৰ কাৰণ হিচাপে এই পানীৰ ফোটবোৰৰ ওপৰ-তল অথবা সোঁ-বাওঁ অংশত কোনো বাধা নাথাকে, থাকে কেৱল বতাহ৷ এই বতাহৰ ঘনত্ব পানীৰ ঘনত্বতকৈ যথেষ্ট কম আৰু সেয়ে বতাহৰ থকা অণুৰ সংখ্যাও কম৷ সেই কাৰণে পানীৰ টোপালত থকা অণুবোৰৰ ভিতৰৰ দিশত টান অনুভৱ কৰে৷ সকলো দিশৰ অণুবোৰে টোপালৰ কেন্দ্ৰৰ দিশে ধাৱিত হয়৷ ইয়াৰ বাবে পানীৰ টোপালৰ ৰূপ গোলাকাৰ হয়৷