এছিয়ান ইনষ্টিটিউট অব্ নেফ্ৰোলজী এণ্ড ইউৰ’লজীৰ [এ আই এন ইউ] ইউৰ’লজী এণ্ড নেফ্ৰোলজি কেয়াৰে অলপতে ইউৰ’লজী, ইউৰ’-অংক’লজী আৰু নেফ্ৰোলজী যত্নৰ ক্ষেত্ৰত ১০০০ টা ৰবটিক অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে৷ এই সাফল্যই চিকিৎসা প্ৰতিষ্ঠানখনক বৃক্কৰ কৰ্কট, প্ৰষ্টেট কৰ্কট, মূত্ৰাশয়ৰ কৰ্কট ৰোগ আৰু ৰবটিক অস্ত্ৰোপচাৰ কৰা ইউৰো-নেফ্ৰো খণ্ডত ৰোগীৰ উন্নত ফলাফলৰ বাবে অত্যাধুনিক প্ৰযুক্তি প্ৰদানৰ এক আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে নিৰ্ধাৰণ কৰিছে৷ ৰবটিক অস্ত্ৰোপচাৰৰ লাভালাভৰ প্ৰসংগত এছিয়ান ইনষ্টিটিউট অফ নেফ্ৰোলজি এণ্ড ইউৰ’লজীৰ পৰিচালন সঞ্চালক আৰু মুখ্য পৰামৰ্শদাতা, ইউৰ’লজিষ্ট ডাঃ চি মল্লিকাৰ্জুনে কয় যে পৰম্পৰাগত পদ্ধতিতকৈ ৰবটিক অস্ত্ৰোপচাৰৰ সুবিধা বহু বেছি লাভদায়ক৷ ৰবটিক অস্ত্ৰোপচাৰ কৰা ব্যক্তিসকলৰ মূত্ৰাশয় নিয়ন্ত্ৰণৰ অসুবিধা দূৰ কৰে আৰু অধিক লাভান্বিত হয়৷ বৃক্কৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত ৰবটিক অস্ত্ৰোপচাৰে ব্যতিক্ৰমী ফলাফল প্ৰদৰ্শন কৰিছে৷