স্বাস্থ্য মন্ত্ৰ্যালয়ে ঔষধৰ উৎপাদনৰ ক্ষেত্ৰত অলপতে কিছুমান নিয়ম প্ৰণয়ন কৰে৷ এই নিয়মসমূহৰ কাৰণে দেশত অচিৰেই ঔষধৰ নাটনি হোৱাৰ লগতে দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ ঔষধ উদ্যোগৰ সূত্ৰই কয় যে এই নতুন নিয়মৰ কাৰণে দেশত ঔষধৰ নাটনি হোৱাৰ লগতে দাম আকাশলংঘী হ’বগৈ পাৰে৷ কেইবাটাও মজলীয়া আৰু ক্ষুদ্ৰ ঔষধ কোম্পানীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোক এই নতুন নিয়মসমুহ মানি চলিব পৰা অৱস্থাত নাই আৰু ইয়াৰ ফলত কেইবাটাও গোট বন্ধ হৈ পৰিব৷ উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ে অলপতে চিডুল-এমৰ সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছিল আৰু ইয়াক সকলো ঔষধ উৎপাদন কৰা কোম্পানীয়ে মানি চলাতো বাধ্যতামূলক কৰিছিল৷ স্বাস্থ্য মন্ত্ৰ্যী মনসুখ মাণ্ডভিয়াই যোৱা বছৰ জুলাই মাহত কৈছিল যে সকলো অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীয়ে পৰ্যায়ক্ৰমে এই সংশোধীত নিয়ম অনুসৰণ কৰাতো বাধ্যতামূলক কৰা উচিত৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, বছৰি ২৫০ কোটি টকাৰ লেনদেন কৰা কোম্পানীয়ে যোৱা ১ আগষ্টৰ পৰা ছমাহৰ ভিতৰত আৰু ক্ষুদ্ৰ কোম্পানীবোৰত এবছৰ সময় দিয়া হৈছে৷ লঘু উদ্যোগ ভাৰতীৰ প্ৰতিনিধি সঞ্জয় ছিংলাই কয় যে সংশোধীত চিডুল এম কাৰ্যকৰী কৰাটো সহজ নহয়৷ কোম্পানীবোৰ মান উন্নত কৰিবলৈ সন্মত যদিও ইয়াক বহুত খৰচ হ’ব৷ এই প্ৰক্ৰিয়াত ভালেমান কোম্পানী বন্ধ হৈ পৰিব৷ ফলত দেশত ঔষধৰ নাটনি হ’ব৷ পঞ্জাব ড্ৰাগ মেনুফেকচাৰ্ছ এছ’চিয়েশ্যনৰ মতে, ইয়াৰ ফলত এন এল ই এমত তালিকাভুক্ত জৰুৰী ঔষধ উৎপাদন কৰাতো কঠিন হৈ পৰিব৷ নতুন নিয়মৰ কাৰণে ঔষধৰ দাম চৰকাৰে নিৰ্ধাৰণ কৰা দামতকৈ অধিক হ’বগৈ৷