বিজ্ঞানীসকলে এবিধ নতুন এণ্টিবায়’টিক আৱিষ্কাৰ কৰাবুলি দাবী কৰিছে৷ এই নতুন এণ্টিবায়’টিকবিধে মানুহৰ শৰীৰত ঔষধৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰা অৰ্থাৎ ড্ৰাগ ৰেজিষ্টেণ্টৰ সৃষ্টি কৰা তিনিবিধ বেক্টেৰিয়াৰ এবিধক নিঃশেষ কৰি পেলাব৷ শৰীৰত বেক্টেৰিয়া ঔষধৰ প্ৰভাৱ প্ৰতিৰোধী হৈ পৰা ৰোগীৰ ক্ষেত্ৰত এনে এণ্টিবায়’টিক ব্যৱহাৰ কৰিব পৰা যাব৷ এই নতুন এণ্টিবায়’টিকে ঔষধৰ প্ৰভাৱ প্ৰতিৰোধ বেক্টেৰিয়াবিলাক ধবংস কৰি পেলাব৷ জছুৰাবাতপিন নামৰ এই এণ্টিবায়’টিকবিধে নিউমোনিয়া আৰু ছেপছিছৰ ঔষধৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰি পেলোৱা এচিনেট’বেক্টৰ বাউমানিৰ [ক্ৰেব] ষ্ট্ৰেইনক ধবংস কৰাত সফলতা লাভ কৰিছে৷ লণ্ডনৰ ইম্পিৰিকেল কলেজৰ আণৱিক সূক্ষ্ম জীৱ বিজ্ঞানৰ বিশেষজ্ঞ এণ্ড্ৰু এডৱাৰ্ড্ছে কয় যে চিকিৎসালয়ত সংক্ৰমণৰ এটা গুৰুত্বপূৰ্ণ কাৰক হ’ল ক্ৰেব৷ ক্ৰেব আক্ৰমণাত্মক নহয় যদিও ঔষধ প্ৰতিৰোধী আৰু সেয়েহে ইয়াৰ চিকিৎসা কৰাটো কঠিন হৈ পৰে৷