মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেশোৱাৰ আগতে এইবোৰ লগাওক

0
268


বৰ্তমান কৰ্মব্যস্তৰ যুগত মানুহৰ হাতত সময় খুব কম৷ কাৰোপক্ষে সকলো সময়তে নিয়ম কৰি নিজৰ যতন লোৱা সম্ভৱ নহয়৷ সেয়ে এইদৰে সময় উলিয়াব নোৱাৰি নিজৰ শৰীৰটো তথা ছালৰ যত্ন লোৱা নহয়, তেনেহ’লে ছালৰ গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ অৱশ্যে আজিকালিৰ যুৱপ্ৰজন্মই বেছিভাগ সময় ছালৰ যত্ন ঘৰুৱাভাৱে লোৱা দেখা যায়৷ আচলতে ছালখনৰ সুস্থতা তথা নিৰোগী কৰি ৰাখিবলৈ প্ৰতিদিনে ৰাতি শোৱাৰ আগে আগে যত্ন লোৱা দৰকাৰ৷ তেতিয়া মুখ তথা ছালখন উজ্জ্বল, দাগহীন হৈ পৰে৷
দৈ চুলি তথা শৰীৰৰ উপৰি ছালৰ কাৰণেও খুব উপকাৰী৷ দৈত থকা কেলচিয়াম, প্ৰ’টিনৰ বাহিৰে ভিটামিন-ডি থাকে৷ ছালৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ এইবোৰ উপাদানৰ অত্যন্ত প্ৰয়োজন৷ প্ৰতিদিনে ছালত দৈ লগালে ছালখনল লগতে ব্ৰুনৰ সমস্যা, চকুৰ তলত পৰা ক’লা পৰা সমস্যা নোহোৱা হয়৷ ইয়াৰ বাবে ৰাতি শোৱাৰ আগে আগে গোটেই মুখখনত দৈ ভালদৰে লগাই মাছাজ কৰিব৷ এইদৰে গোটেই ৰাতি লগাই ৰাখি পিছদিনা পৰিষ্কাৰ পানীৰে মুখখন ধুই দিব৷
ছালৰ যতনৰ বাবে তিঁয়হৰ ৰস অতি উত্তম৷ তিঁয়হৰ ৰসে ছালখন ঠাণ্ডা কৰি ৰাখে৷ সাধাৰণতে গৰমকালি ছালৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তিঁয়হৰ ৰসে দূৰ কৰে৷ প্ৰতিদিনে ৰাতি শোৱাৰ আগতে তিঁয়হৰ ৰস মুখখনত ভালদৰে লগাই এইদৰে ৰাতিটো ৰাখি দিব৷ পিছদিনা পুৱা পৰিষ্কাৰ পানীৰে মুখখন ভালদৰে ধুই দিব৷ এইদৰে এসপ্তাহ কৰিলেই ইয়াৰ ফলাফল দেখিবলৈ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here