চীনৰ জনসংখ্যা একেৰাহেদ্বিতীয় বছৰৰ বাবে হ্ৰাস

0
148


জন্মৰ হাৰ হ্ৰাস পোৱা আৰু ক’ভিড-১৯ত বহু লোকৰ মৃত্যু হোৱাৰ কাৰণে ২০২৩ চনত একেৰাহে দ্বিতীয় বছৰৰ বাবে চীনৰ জনসংখ্যা হ্ৰাস পায়৷ দেশখনৰ নেশ্যনেল ব্যুৰ’ অব্‌ ষ্টেটিষ্টিক্‌ছে [এন বি এছ] এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে যোৱা বছৰ ভাৰতে চীনক চেৰ পেলালে৷ এন বি এছৰ তথ্য মতে, যোৱা বছৰ চীনৰ জনসংখ্যা ২.০৮ মিলিয়ন কমি ১.৪০৯৭ বিলিয়ন হয়৷ ছটা দশকত চীনৰ জনসংখ্যা প্ৰথমবাৰৰ বাবে কমিছিল ২০২২ চনত৷ ২০১৬ চনৰ পৰাই চীনৰ জনসংখ্যাৰ বিকাশ মন্থৰ হয়৷ সন্তান প্ৰতিপালনৰ উচ্চ ব্যয়, ব্যক্তিত্ববাদত [ইনডিভিজুৱেলিজম] গুৰুত্ব আৰু জীৱন যাত্ৰাৰ বিভিন্ন পচন্দৰ বাবে নতুন পৰিয়াল এটা আৰম্ভ কৰিবলৈ মানুহৰ উৎসাহ কমি হৈছে৷ ক’ভিড মহামাৰীতো যোৱা বছৰ চীনত ১১.১ মিলিয়ন লোকৰ মৃত্যু হয়৷ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ তথ্য মতে, ১৪২.৮৬ কোটি জনসংখ্যাৰ দেশ ভাৰতে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হিচাপে যোৱা বছৰ চীনক চেৰ পেলালে৷ এন বি এছৰ মতে, ২০২৩ চনত দেশখনত ৯.০২ মিলিয়ন শিশুৰ জন্ম হয় আৰু জন্মৰ হাৰ প্ৰতি হাজাৰত ৬.৩৯৷ ২০২২ চনত জন্ম হৈছিল ৯.৫৬ মিলিয়ন শিশুৰ৷ জন্মৰ হাৰ আছিল প্ৰতি হাজাৰত ৬.৭৭৷ ২০২০ চনৰ পৰা ২০২২ চনলৈ ৰূপায়ণ কৰা দেশখনৰ কঠোৰ ক’ভিড নীতিৰ কাৰণেও জনসংখ্যা হ্ৰাস পায়৷ জনসংখ্যা বৃদ্ধিৰ বাবে চীনে পূৰ্বৰ এটা সন্তানৰ নীতি সলনি কৰি ২০২১ চনৰ মে’ত তিনিটা সন্তানৰ নীতি প্ৰৱৰ্তন কৰে যদিও দেশখনৰ জনসংখ্যা বৃদ্ধি পোৱাৰ পৰিৱৰ্তে কমিবহে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here