জাপানৰ নাকা নৰ্থত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ পাৰমাণৱিক ফিউজন ৰিয়েক্টৰে বিদ্যুৎ উৎপাদন আৰম্ভ কৰিছে৷ এই ৰিয়েক্টৰটোৱে বিদ্যুৎ উৎপাদন কৰিবলৈ আৰম্ভ কৰে৷ মন কৰিবলগীয়া যে বৰ্তমান সমগ্ৰ বিশ্বৰ পাৰমাণৱিক ৰিয়েক্টৰসমূহে পাৰমাণৱিক ফিছনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰে, কিন্তু জাপানৰ এই ৰিয়েক্টৰটোৱে ফিউজনৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিব৷ অৰ্থাৎ, দুটা অণুৰ কেন্দ্ৰক সংযোজিত কৰিব৷ ফিউজনত অণুৰ কেন্দ্ৰক বিভাজিত কৰা হয়৷ এই পাৰমাণৱিক ৰিয়েক্টৰটোৰ নাম দিয়া হৈছে জে টি-৬০ এছ এ৷ এই ৰিয়েক্টৰটো স্থাপনৰ প্ৰধান উদ্দেশ্য হ’ল বৃহৎ হাৰত কাৰ্বনমুক্ত শক্তিৰ উৎপাদন কৰা৷ এই ৰিয়েক্টৰটোত পৰীক্ষামূলকভাৱে বিদ্যুৎ উৎপাদন কৰা হৈছে৷ ইয়াত সফলতা লাভ কৰাৰ পাছত দেশৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ পৰিসৰত এনে ৰিয়েক্টৰ স্থাপন কৰা হ’ব৷ এই ৰিয়েক্টৰটো ছয়মহলীয়া ভৱন এটাৰ সমান ওখ৷ ইয়াত টকামাক নামৰ এটা পাত্ৰ আছে আৰু ইয়াৰ ভিতৰত তীব্ৰগতিত প্লাজমা ঘূৰোৱা হয় আৰু প্লাজমাৰ তাপমান দুই কোটি ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়৷ ইউৰোপিয়ান ইউনিয়ন আৰু জাপানে মিলি এই ৰিয়েক্টৰটো নিৰ্মাণ কৰিছে৷ ফ্ৰান্সে ইয়াতকৈও শক্তিশালী ৰিয়েক্টৰ নিৰ্মাণ কৰি আছে আৰু ইয়াৰ নাম দিয়া হৈছে ইণ্টাৰনেশ্যনেল থাৰ্ম’নিউক্লিয়েৰ এক্সপেৰিমেণ্টেল ৰিয়েক্টৰ৷ এই প্ৰকল্পৰ মূল উদ্দেশ্য হ’ল হিলিয়ামৰ দৰে গধুৰ পদাৰ্থ হাইড্ৰ’জেনৰ নিউক্লিয়াছক বিভাজিত কৰা৷ সেইটো কৰিব পাৰিলে সূৰ্যৰ দৰে প্ৰচণ্ড তাপ আৰু পোহৰৰ সৃষ্টি কৰিব৷ ফ্ৰান্সৰ প্ৰকল্পটোৰ প্ৰধান অসুবিধা হ’ল ব্যয় বৃদ্ধি পাই গৈ থকাটো৷ জাপানৰ প্ৰকল্পটোত দুখন দেশৰ ৫০টা কোম্পানী আৰু ৫০০ বিজ্ঞানী জড়িত হৈ আছে৷