ভাৰতত যোৱা এবছৰত হৃদৰোগী তথা হাৰ্ট এটেক হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ ভাৰতত ১২ বছৰৰ পৰা ৪৫ বছৰীয়া লোকৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ কেৱল ভাৰততে নহয় কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ উল্লেখ্য যে কেইটামান দশকৰ আগলৈকে হৃদৰোগ বয়সস্থসকলৰহে হয় বুলি কোৱা হৈছিল, কিন্তু এতিয়া শিশুৰ পৰা বুঢ়ালৈকে সকলো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা গৈছে৷ চিকিৎসা বিশেষজ্ঞসকলৰ মতে ইয়াৰ প্ৰধান কাৰণ হ’ল কৰ’না ভাইৰাছৰ সংক্ৰমণ৷ কৰ’নাৰ সংক্ৰমণে সমগ্ৰ বিশ্বৰে লোকসকলৰ জীৱন শৈলীলৈ পৰিৱৰ্তন আনিলে৷ মানুহৰ শাৰীৰিক সক্ৰিয়তা হ্ৰাস পাইছে, ইয়াৰ লগতে খোৱা-বোৱাৰ অভ্যাস সলনি হোৱাৰ লগতে মানসিক উত্তেজনা তথা অৱসাদ বৃদ্ধি পাইছে৷ ইয়াৰ লগতে সলনি হৈছে মানুহৰ খোৱা-বোৱাৰ অভ্যাসো৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰেকৰ্ড ব্যুৰ’ৰ [এন চি বি] তথ্য মতে কেৱল ২০২২ বৰ্ষত ভাৰতত হাৰ্ট এটেক হোৱা লোকৰ সংখ্যা ১২.৫% বৃদ্ধি পাইছে৷ এন চি বিৰ তথ্য মতে, ২০২২ চনত ভাৰতত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৩২,৪৫৭জন৷ ইয়াৰ আগৰ বছৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৮,৪১৩ জন৷ চিকিৎসকসকলে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হোৱা অধিকাংশ ৰোগীয়েই হ’ল ২৫-৪৫ বছৰৰ৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি হৃদৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ কাৰণ হ’ল অধিক নিমখ থকা আহাৰ খোৱা, ধূমপান, মানসিক উত্তেজনা বৃদ্ধি পোৱা, নিষ্ক্ৰিয় জীৱন শৈলী, কম টোপনি আৰু পেকেটত পোৱা খাদ্য অধিক খোৱাটো৷ তেওঁলোকৰ মতে, কভিড কালত দুবছৰতকৈ অধিক সময় মানুহ নিজৰ ঘৰত বিছনা, চকীত বহি অধিক সময় পাৰ কৰিছিল৷ ইয়াৰ ফলত কোনেও গম নোপোৱাকৈয়ে হৃদৰোগে শৰীৰত বাহ ল’বলৈ ধৰিছে৷ কভিড কালৰ বহুতো অভ্যাস মানুহে এতিয়াও এৰিব পৰা নাই৷ মানুহৰ খোৱা-বোৱাৰ শৈলী, জীৱন শৈলী, শাৰীৰিক সক্ৰিয়তা বা অনুশীলনৰ অভাৱে হৃদ ৰোগ বৃদ্ধিত সহায় কৰিছে৷ আনহাতে যিসকল লোক কৰ’নাত আক্ৰান্ত হৈছিল, তেওঁলোকৰে হৃদৰোগ হোৱাৰ আশংকা থাকে৷ বিশেষজ্ঞসকলে হৃদৰোগৰ পৰা হাত সাৰি থকাৰ কাৰণে কেইটামান পৰামৰ্শ আগবঢ়াইছে৷ তেওঁলোকৰ মতে মানুহে ধূমপান আৰু সুৰাপানৰ অভ্যাস এৰিব লাগে৷ পুষ্টিকৰ আহাৰ খাব লাগে৷ নিৰামিষ আহাৰৰ লগতে শাক-পাচলি বেছি খাব লাগে৷ শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰিব লাগে আৰু নিয়মীয়াকৈ অনুশীলন কৰিব লাগে৷ ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে কলেষ্টৰেল, বহুমূত্ৰ আৰু উচ্ছ ৰক্তচাপত ভোগাসকলে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে৷ মানসিক অৱসাদ, চিন্তা, উত্তেজনাৰ পৰা হাত সাৰি থাকিব লাগে আৰু পৰাপক্ষত চিকিৎসকৰ সৈতে এই বিষয়ে আলোচনা কৰিব লাগে বুলি বিশষেজ্ঞসকলে মত প্ৰকাশ কৰে৷