দোভাগ নিশা নীৰৱ-নিস্তব্ধ পৰিৱেশত ঘৰৰ আশে-পাশে কেতিয়াবা আপুনি হয়তো কাউৰীৰ চিঞৰ শুনিবলৈ পায়৷ তেতিয়া আপোনাৰ নি(য় মনত ভাব হয় যে এই দোভাগ ৰাতি কি কাৰণত বা কাউৰিয়ে চিঞাৰিছে৷ আনহাতে বহুতেই এইদৰে নিশা কাউৰীয়ে চিঞৰিলে অশুভ লক্ষণ বুলি কয়৷ ঘৰখনৰ কিবা বিপদৰ সময়ৰ আগতে এইদৰে কাউৰিয়ে আৰ্তনাদ কৰা বুলিও গৃহস্থই শংকা ব্যক্ত কৰে৷ অৰ্থাৎ কাউৰীয়ে এনেদৰে মাতাৰ ফলত ঘৰৰ অমংগল হ’ব বুলি ভাবে৷ কিন্তু বৈজ্ঞানিক ভিত্তিত এইদৰে কাউৰীয়ে মাজনিশা চিঞৰাৰ একাধিক কাৰণ আছে, যিবোৰ জানিলে আপুনিও হয়তো অমংগল চিন বুলি নাভাবি স্বস্তি পেলাব৷
সাধাৰণতে মিলনৰ উৎসাহী কাউৰীয়ে মিলনৰ বাবে আগ্ৰহী হৈ এইদৰে মাজনিশা আৰ্তনাদ কৰে৷ বসন্ত কালৰ মাজৰাতি এই কাৰণেই বিভিন্ন সময়ত কাউৰীয়ে চিঞৰা আৰম্ভ কৰে৷ ইয়াৰ উপৰি মাজ ৰাতি কোনো শক্ৰ চৰাই বা আন চিকাৰী আক্ৰমণৰ বাবে ভয় খাই হঠাতে চিঞৰি উঠে৷ ৰাতিৰ ভাগত শক্ৰপক্ষক আঁতৰাই পঠাবলৈ এইদৰে চিৎকাৰ কৰে৷ বিভিন্ন সময়ত দেখা যায় যে কাউৰীৰ পোৱালিৰ আন প্ৰাণীৰ পৰা বচাবলৈ সুৰক্ষাৰ বাবে চিঞৰা আৰম্ভ কৰে, যাতে কাউৰীৰ চিঞৰত শক্ৰ চৰাইবোৰে সহজে আঁতৰি যায়৷ যেতিয়া কাউৰীয়ে পেৱালি দিয়ে, তেতিয়া পোৱালিয়ে বিশ্ৰামৰ সময়ৰ সঠিক সময় নাজানে৷ কেতিয়াবা নিশা মায়েকে চিঞৰি চিঞৰি বুজাবলৈ চেষ্টা কৰে যে এতিয়া নিৰাপদে বাহতে থাকি শোৱাৰ সময়৷ আনহাতে কেতিয়াবা লগত কাউৰীৰ কিবা বিপদ তথা মৃত্যু হ’লে ওচৰৰ কাউৰীয়ে ঘেৰি ঘেৰি চিঞৰা আৰম্ভ কৰে৷ সেই সময়ত যিজনে সেই স্থানত উপস্থিত হয়, তাকে সিহঁতৰ শক্ৰ জ্ঞান কৰি আৰু বেছি জোৰকৈ চিৎকাৰ কৰি উঠে৷ মুঠতে কাউৰীয়ে সিহঁতৰ বিভিন্ন অসুবিধাৰ বাবে দিন অথবা নিশা চিঞৰি তাৰ প্ৰতিবাদ কৰে৷