ভয়াৱহ ইংগিত : উত্তৰ মেৰুত বৃহৎ হাৰত কাৰ্বন নিঃসৰণ

0
169


পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিয়ে বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাবলৈ ধৰিছে৷ উষ্ণতা বৃদ্ধিৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে মেৰু অঞ্চলত৷ সেয়েহে বৈজ্ঞানিকসকলে মেৰু অঞ্চলত অধ্যয়ন অব্যাহত ৰখাত অধিক গুৰুত্ব আৰোপ কৰিছে৷ বৈজ্ঞানিক তথা গৱেষকসকলে উত্তৰ মেৰুক অধিক গুৰুত্ব দিছে আৰু ইয়াৰ কাৰণ হ’ল বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ মেৰু তিনিগুণ অধিক হাৰত গৰম হ’বলৈ ধৰিছে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা গৱেষকসকলে জানিব পৰা মতে উত্তৰ মেৰুত বৃহৎ হাৰত কাৰ্বন-ডাই-অক্সাইড নিঃসৰণ হ’বলৈ ধৰিছে৷ উত্তৰ মেৰুত ঘটা এই ঘটনাক লৈ বৈজ্ঞানিকসকল গভীৰভাৱে চিন্তিত হৈ পৰিছে৷ জলবায়ুৰ দিশৰপৰা উত্তৰ মেৰু আটইতকৈ স্পৰ্শকাতৰ অঞ্চল৷ বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ মেৰুৰ বৰফ দ্ৰুতগতিত গলিবলৈ লৈছে৷ তেনে সময়তে কাৰ্বন-ডাই-অক্সাইডৰ নিঃসৰণে সকলোকে চিন্তিত কৰি তুলিছে৷ আমেৰিকাৰ অন্যতম সৰ্ববৃহৎ নদী মেকেঞ্জীত নদীত কৰা অধ্যয়নৰ পৰা এই কথা জানিব পাৰিছে গৱেষকসকলে৷ মন কৰিবলগীয়া যে প্ৰতিবছৰে উত্তৰ মেৰু মহাসাগৰত প্ৰায় ১৮ মেট্ৰিকটন কাৰ্বন-ডাই-অক্সাইড জমা হয়৷ উক্ত অধ্যয়নটোৰ পৰা জানিব পৰা মতে, উত্তৰ মেৰুত প্ৰতিবছৰে ১৩ লাখ মেট্ৰিকটন কাৰ্বন নিঃসৰণ হ’বলৈ ধৰিছে৷ উত্তৰ মেৰুত নিঃসৰণ হোৱা কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ প্ৰতিবছৰে ২৮ হাজাৰ গেছ’লিন বাহনৰ পৰা নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইডৰ সমান৷ উত্তৰ মেৰু তিমিগুণ অধিক হাৰত গৰম হ’বলৈ ধৰাৰ ফলত বৰফ গলিবলৈ লৈছে আৰু ইয়াৰ ফলত নদীৰ প্ৰৱাহ বৃদ্ধি পাইছে আৰn ইয়াৰ ফলত মহাসাগৰসমূহত অধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হ’বলৈ ধৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here