বিজ্ঞানীৰ সতৰ্কবাণী : ডাৱৰতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিক

0
161


মানৱ জাতিৰ লগতে সমগ্ৰ বিশ্বৰ বাবে মাইক্ৰ’প্লাষ্টিকে ভাবুকিৰ সৃষ্টি কৰিছে৷ শেহতীয়াভাৱে বিজ্ঞানীসকলে কৰা গৱেষণাত ডাৱৰতো মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে৷ জাপানৰ বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ডাৱৰত মাইক্ৰ’প্লাষ্টিক উদ্ধাৰে সামুদ্ৰিক পাৰিপাশ্বিৰ্ক তন্ত্ৰ আৰু জলবায়ু পৰিৱৰ্তনত গুৰুতৰ প্ৰভাৱ পেলাব৷ তেওঁলোকৰ মতে ই এক গুৰুতৰ সতৰ্কবাণী আৰু অচিৰেই মাইক্ৰ’প্লাষ্টিকক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে৷ সময় থাকোঁতেই মাইক্ৰ’প্লাষ্টিকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে মানৱ জীৱনৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিব৷ ৱাছেদা বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰিবোচী অকাছিৰ নেতৃত্বত গৱেষকৰ দল এটাই কৰা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ গৱেষকৰ দলটোৱে ডাৱৰৰ পৰা সংগ্ৰহ কৰা পানীৰ ৪৪ টা নমুনা পৰীক্ষা কৰিছিল৷ ইয়াৰ প্ৰতিটোতে তেওঁলোকে অতিকমেও ৪৪ টা মাইক্ৰ’প্লাষ্টিকৰ কণা পাইছিল৷ সেয়ে তেওঁলোকে এইবুলি সতৰ্ক কৰি দিয়ে যে সকলোৱে মিলি যদি ডাৱৰত মাইক্ৰ’প্লাষ্টিক নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া ই বিৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ বায়ুত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব৷ ইয়াৰ লগতে মানুহৰ অংগবোৰতো ই গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা আছে৷ গৱেষকৰ মতে ডাৱৰত থকা মাইক্ৰ’প্লাষ্টিকে গ্ৰীন হাউছ গেছৰ বৃদ্ধিতো সহায় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here