[১]
পুষ্টিহীনতা দূৰ কৰিব ঔষধে ঃ ইফালে বিশ্বৰ পৰা পুষ্টিহীনতা দূৰ হোৱাৰ দিশত আগবাঢ়িছে৷ ইয়াৰ বাবে ঔষধ ব্যৱহাৰ কৰা হ’ব৷ বিল গেট্ছ ফাউণ্ডেশ্যনে প্ৰস্তুত কৰা ঔষধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ ২০২৪ত বিশ্ব স্বাস্থ্য সংগঠনে ইয়াৰ ব্যৱহাৰৰ অনুমতি দিব পাৰে৷
[২]
নতুন ছুপাৰ কম্পিউটাৰ ঃ ২০২৪তে ইউৰোপৰ প্ৰথম এক্সা-স্কেল ছুপাৰ কম্পিউটাৰ জুলিচ মহানগৰত থকা নেশ্যনেল ৰিছাৰ্চ ইন্ষ্টিটিউটত স্থাপন কৰা হ’ব৷ এই ছুপাৰ কম্পিউটাৰটোৱে প্ৰতি ছেকেণ্ডত কমেও ১০x১০/১৮টা গণনা কৰিব পাৰিব৷ ই কৃত্ৰিম বুদ্ধিমত্তা এপ্লিকেশ্যন কাৰণে সহজে কাম কৰিব পৰা এতিয়ালৈকে আটাইতকৈ দ্ৰুততম ছুপাৰ কম্পিউটাৰ হ’ব৷ এই কম্পিউটাৰটোৱে জেনেটিক ৰোগৰ সৈতে যুঁজ দি থকা লোকৰ জিনম ষ্ট্ৰাকচাৰ বুজি পোৱা টিউনাৰ তথা কেঞ্চাৰৰ জেনমিক গঠন বুজি পোৱাৰ দৰে বহুতো জটিল বিষয় সহজে বুজি পোৱাত সহায় কৰিব৷ ইয়াৰ সহায়ত মগজু আৰু হৃৎপিণ্ডৰ টুইন মডেলো তৈয়াৰ কৰিব পৰা যাব৷
[৩]
পুনৰ চন্দ্ৰলৈ মানুহ ঃ নাছাই আৰ্টেমিছ অভিযানৰ অধীনত প্ৰায় ৫২ বছৰৰ পাছত ২০২৪ত চন্দ্ৰলৈ পুনৰ মানুহ প্ৰেৰণ কৰিব৷ এই অভিযানৰ অধীনত চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰক পৰিভ্ৰমণ কৰি পুনৰ পৃথিৱীলৈ উভতি আহিব৷ উল্লেখ্য যে ১৯৭২ত নাছাৰ এপল’ অভিযানৰ অধীনত চন্দ্ৰত অন্তিমবাৰলৈ খোজ কাঢ়িছিল৷ প্ৰথমবাৰলৈ এই অভিযানটোৰ জৰিয়তে চন্দ্ৰলৈ মহিলা মহাকাশচাৰী যাব৷ তেওঁ হ’ল ক্ৰিষ্টিয়ানো কোচ৷