ভাৰতত ধঁপাতজাতীয় দ্ৰব্যৰ পৰাসৃষ্টি হয় ১.৭ লাখ টন আৱৰ্জনা

0
573


দেশত গুটখা, পান মছলা, শিখৰ, ৰজনীগন্ধা আদি ধঁপাতজাতীয় সামগ্ৰীৰ চাহিদা সাংঘাতিকভাৱে বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে বিভিন্ন বেণ্ডৰ চিগাৰেট সেৱন কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এই ধঁপাতজাতীয় সামগ্ৰীবোৰ সেৱনৰ ফলত কেঞ্চাৰ আদিৰো ধৰি মাৰাত্মক ৰোগ সৃষ্টিত প্ৰধান ভূমিকা লোৱা বুলি গম পোৱা সত্ত্বেও এইবোৰ ত্যাগ কৰিব নোৱাৰাৰ লেখীয়া হৈছে৷ আনহাতে ধঁপাতজাতীয় সামগ্ৰী, চিগাৰেট আদিৰ ব্যৱহাৰৰ ফলত পৰিৱেশতো যথেষ্ট পৰিমাণে নেতিবাচক প্ৰভাৱ পেলাইছে৷ কিয়নো চিগাৰেট এটা খাই তাৰ শেষ অংশ কোনোধৰণৰ সুনিৰ্দিষ্ট স্থানত নেপেলাই য’তে-ত’তে পেলোৱাৰ ফলত ধঁপাতজাতীয় আৱৰ্জনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে প্ৰকাশিত এক প্ৰতিবেদনত লাভ কৰা তথ্য মতে প্ৰতিবছৰে ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত প্ৰায় ১.৭ লাখ টন আৱৰ্জনাৰ সৃষ্টি হৈছে৷ দেশৰ ১৭খন ৰাজ্যত আই চি এম আৰ আৰু যোধপুৰ এইমছে যৌথভাৱে চলোৱা এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে৷ দ্য এনভাইৰনমেণ্টেল বাৰ্ডেন অব টবেকো প্ৰডাক্টছ ৱাষ্টেজ ইন ইণ্ডিয়া শীৰ্ষক প্ৰতিবেদনত দেশবþ ১৭খন ৰাজ্যক লৈ চলোৱা ধঁপাতজাতীয় দ্ৰব্যৰ অৱশেষৰ লগতে ইয়াৰ পেকেজিং, সৰবৰাহ আদিত ব্যৱহূত প্লাষ্টিক, কাগজ, ফিল্টাৰ আদিয়ে প্ৰদূষণৰ সৃষ্টি কৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত শংকা নমাই আনিছে বুলি উল্লেখ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here