আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এনেকুৱা এখন বিমানৰ নিৰ্মাণৰ কাম কৰি আছে– যি ভ্ৰমণৰ সময় উল্লেখনীয়ভাৱে হ্ৰাস কৰিব৷ নাছাৰ এই নতুন বিমানখন শব্দতকৈ অধিক বেগী অৰ্থাৎ আতিশাব্দিক হ’ব আৰু নিউয়ৰ্কৰ পৰা লণ্ডনলৈ যাবলৈ প্ৰয়োজন হ’ব মাত্ৰ ৯০ মিনিট অৰ্থাৎ ডেৰ ঘণ্টা৷ সাধাৰণতে নিউয়ৰ্কৰ পৰা লণ্ডনলৈ মাজত ক’তো নোৰোৱাকৈ বিমানত ভ্ৰমণ কৰিলে সাত ঘণ্টাৰ প্ৰয়োজন হয়৷ নাছাই এই বিমানখনক কনকৰ্ড ছুপাৰছনিক এয়াৰক্ৰাফ্টৰ উত্তৰাধিকাৰী বুলি কয়৷ নাছাই অলপতে এই কথা প্ৰকাশ কৰি কয় যে এই বিমানখনে যাত্ৰাৰ সময় বহুখিনি হ্ৰাস কৰিব৷ নাছাই বিমানখনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত কৰি আছে আৰু অচিৰেই ইয়াক চূড়ান্ত ৰূপ দিব৷ এই বিমানখনৰ নাম দিয়া হৈছে এক্স-৫৯৷ নাছাই যোৱা আগষ্ট মাহত এইবুলি প্ৰকাশ কৰিছিল যে তেওঁলোকে এখন আতিশাব্দিক যাত্ৰীবাহী বিমানৰ বিষয়ে অধ্যয়ন কৰি আছে আৰু এই বিমানখনে তাত্ত্বিকভাৱে সমুদ্ৰপৃষ্ঠত প্ৰতি ঘণ্টাত ১,৫৩৫ মাইলৰ পৰা ৩,০৪৫ মাইল বেগত গতি কৰিছিল৷ বিমানখনৰ প্ৰথম উৰণৰ লক্ষ্য ৰখা হৈছে অহা বছৰ৷ ইতিমধ্যে বিমানখন লকহিড মাৰ্টিন স্কাংক ৱৰ্কছত নিয়া হৈছে পেইণ্ট কৰাৰ কাৰণে৷ বিমানখনৰ উৰণৰ সময়ত বৰ বেছি শব্দৰ সৃষ্টি নকৰিব৷