গাৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ কি কৰিব ?

0
291


শৰীৰ বা গাৰ পৰা দুৰ্গন্ধ ওলোৱাটোত একো অস্বাভাৱিকতা নাই৷ কিন্তু এই গাৰ গোন্ধ মাত্ৰাধিক হ’লে আনৰ বাবে বিৰক্তি তথা অসহ্যৰ কাৰণ হৈ পৰে আৰু এইটো অৱশ্যে অস্বাভাৱিক৷ শাৰীৰিক দুৰ্গন্ধক চিকিৎসাৰ ভাষাত ব্ৰোমহাইড্ৰ’ছিছ বোলা হয়৷ এই প্ৰক্ৰিয়াটো মানৱ জীৱনৰ এটা স্বাভাৱিক অংশ হ’লেও প্ৰায়ক্ষেত্ৰতে আপোনাক বিব্ৰতবোধ পৰিস্থিতিত পেলাব পাৰে৷ আচলতে সাধাৰণতে কি কাৰণত শৰীৰৰ পৰা দুৰ্গন্ধ বাহিৰ হয়, সেইটোও জানিবলগীয়া কথা৷ শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধি, মছলাযুক্ত খাদ্য গ্ৰহণ, ভজা-পোৰা অত্যধিক খোৱা, ডায়েবেটিছত আক্ৰান্ত, কিডনীৰ সমস্যা, লিভাৰৰ বেমাৰ, অতিক্ৰিয়াশীল থাইৰয়েড, বংশগত শাৰীৰিক দশা, মানসিক চাপ আৰু শৰীৰৰ পৰা অত্যধিক ঘাম নিঃসৰণৰ ফলত গাৰ পৰা দুৰ্গন্ধ ওলাব পাৰে৷ সেয়েহে শৰীৰৰ দুৰ্গন্ধ দূৰ কৰিবলৈ এইবোৰ সহজ উপায় অৱলম্বন কৰিব পাৰে৷
প্ৰতিদিনে কমপক্ষেও এবাৰ গা ধোৱাটো নিয়মত পৰিণত কৰিলে গাৰ পৰা ওলোৱা দুৰ্গন্ধ নোহোৱা হ’ব৷ গা ধোৱাৰ সময়ত চাবোন ব্যৱহাৰ কৰিব পাৰে৷
নিয়মিতভাৱে গা ধোৱাৰ সময়ত এণ্টিবেক্টেৰিয়েল চাবোন তথা বডি ৱাছ অথবা বেনজোয়েল পাৰঅক্সাইড ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে৷
শৰীৰৰ পৰা দুৰ্গন্ধ কমাবলৈ ব্ৰিডেবল ফেব্ৰিকছ তথা বতাহ চলাচল কৰিব পৰা কাপোৰ পৰিধান কৰা উচিত৷ পলিয়েষ্টাৰ, নাইলন কাপোৰৰ তুলনাত কপাহী কটনৰ কাপোৰ পিন্ধা ভাল৷ কিয়নো কটনৰ দৰে প্ৰাকৃতিক তন্তু কাপোৰে চলাচলত সুযোগ দিয়ে৷
শৰীৰৰ যিবোৰ অংশত লোম বেছি সেই অংশত এপোক্ৰাইন গ্ৰন্থিও বেছি৷ এই লেমবোৰে গাৰ ঘাম ধৰি ৰাখি বেক্টেৰিয়াৰ বসবাসৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰে৷ সেয়ে নিয়মিতভাৱে শৰীৰৰ লোম গুচাই দিলে শৰীৰৰ দুৰ্গন্ধ নিয়ন্ত্ৰণ কৰিব পাৰি৷
দাৰ দুৰ্গন্ধ নিৰ্মূলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খাদ্যাভ্যাসৰ পৰিৱৰ্তন৷ খাদ্যৰ খাওঁতে মছলাযুক্ত খাদ্য বা অত্যধিক ভজা-পোৰা খাদ্য বৰ্জন কৰক৷ গৱেষণাৰ পৰা পোৱা মতে যিসকলে ভজা-পোৰা বেছি খায়, তেওঁলোকৰ শৰীৰৰ পৰা দুৰ্গন্ধ বেছিকৈ বাহিৰ হয়৷ আনকি এলকহলজাতীয় পানীয়য়ো ঘামৰ দুৰ্গন্ধক প্ৰভাৱিত কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here