পেট্ৰল-ডিজেলৰ বিকল্পচৰ্বিৰে উৰিব বিমান

0
182


জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ মোকাবিলা কৰাৰ কাৰণে বিশ্বৰ বৈজ্ঞানিকসকলে জীৱাশ্ম ইন্ধন, অৰ্থাৎ পেট্ৰল-ডিজেলৰ বিকল্পৰ সন্ধান কৰি আছে৷ এই দিশত যথেষ্ট প্ৰগতিও লাভ কৰা হৈছে৷ হাইড্ৰজেনক ভৱিষ্যতে পেট্ৰল-ডিজেলৰ বিকল্প বুলি ধৰা হৈছে৷ ইয়াৰ মাজতে বৈজ্ঞানিকসকলে আন এক সফলতা লাভ কৰিছে৷ তেওঁলোকে চৰ্বিৰ পৰা এনেকুৱা ইন্ধন প্ৰস্তুত কৰিছে, যাৰ দ্বাৰা কাৰ্বনৰ নিৰ্গমণ ৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব৷ বৈজ্ঞানিকসকলে চৰ্বিৰপৰা প্ৰস্তুত কৰা ইন্ধনেৰে বিমানৰ উৰণতো সফলতা লাভ কৰিছে৷ উচ্ছ চৰ্বিযুক্ত আৰু কাৰ্বন কমকৈ নিৰ্গমণ কৰা ইন্ধনৰ সহায়ত লণ্ডনৰ পাৰ নিউয়ৰ্কলৈ প্ৰথমখন বাণিজ্যিক বিমাণৰ উৰণ সম্পন্ন কৰা হয়৷ সেই সময়ত বিমানখনে আটলাণ্টিক মহাসাগৰো পাৰ কৰে৷ এই বিমানখনৰ নাম দিয়া হৈছে ‘জেট জিৰ’’৷ বিমান কোম্পানী ভাৰ্জিন আটলাণ্টিকৰ বয়িং-৭৮৭ বিমানৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ নকৰাকৈ উৰণ সম্পন্ন কৰা হয়৷ এই উৰণৰ কাৰণে বিমানৰ ইন্ধন প্ৰস্তুত কৰা হৈছিল অৱশিষ্ট চৰ্বিৰ পৰা৷ ভাৰ্জিনৰ প্ৰতিষ্ঠাপক ৰিচাৰ্ড ব্ৰেনছনে কয় যে কিবা এটা কৰি নেদেখুওৱালৈকে তেনেকুৱা কাম কৰিব নোৱাৰে বুলিয়েই কোৱা হয়৷ এই বিমানৰ উৰণৰ আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰিবলৈ ব্ৰিটেইনৰ পৰিবহণ বিভাগে দহ লাখ পাউণ্ড, অৰ্থাৎ ১০০ কোটি টকাতকৈ অধিক ধন দিছিল৷ অৱশ্যে এই ক্ষেত্ৰত থকা প্ৰথম বাধাটো হ’ল চৰ্বিৰে ব্যাপক হাৰত ইন্ধন প্ৰস্তুত কৰাটো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here