আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াত এটা কাউণ্টিত লিথিয়ামৰ বিশাল ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে৷ ইয়াৰ পাছতেই ইয়াৰ অনুসন্ধান তথা প্ৰকৃত ৰহস্য জানিবলৈ এই অঞ্চলটোলৈ বিজ্ঞানীৰ দলৰ সোঁত বৈছে৷ জানিব পৰা মতে ইম্পেৰিয়েল কাউণ্টিত পৃথিৱীত বিৰল এই উপাদানবিধৰ সন্ধান পোৱা গৈছে৷ সঠিকভাৱে এই লিথিয়ামৰ সন্ধান তথা সংগ্ৰহ কৰিব পাৰিলে ইয়াৰ জৰিয়তে ৩৭৫ মিলিয়ন বেটাৰী উৎপাদন কৰিব পৰা যাব৷ বৈজ্ঞানিকৰ কাৰণে এই গৱেষণাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো বৈদু্্যতিক যান-বাহনৰ জনপ্ৰিয়তাৰ কাৰণে লিথিয়ামৰ উচ্চ চাহিদা আছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ দক্ষিণ পূব সীমাত অৱস্থিত, এখন দেশৰ সৰ্বনিম্ন জনবহুল কাউণ্টিবোৰৰ মাজত এটা৷ আনহাতে মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা মেক্সিকোৰ মাজৰ সীমনাত এই অঞ্চলত হৈ আছে৷ এছ এফ গোটে কয় যে ছালটন সাগৰ অঞ্চলত ২৪০০ কিলোটন লিথিয়াম পোৱা গৈছে৷ উল্লেখ্য যে এই খনিজবিধৰ সৰহভাগেই চীন তথা চিলিত পোৱা যায়৷ আনহাতে মাৰ্কিন কৰ্মকৰ্তাই ভৱিষ্যৎবাণী কৰিছে যে অনাগত দশকবোৰত লিথিয়ামৰ চাহিদা আকাশচুম্বী গতিত ৪০০০ শতাংশ হ’ব৷