চীনে গঠন কৰিলেড মনোবৈজ্ঞানিকযুদ্ধ কৌশল ‘ব্ৰেইন ৱাৰফেয়াৰ ইউনিট

0
193


চীনে নিজৰ শত্ৰুক দমন কৰাৰ কাৰণে বিভিন্ন কূট-কৌশলৰ আশ্ৰয় লৈছে৷ শেহতীয়াকৈ দেশখনে সেনাৰ এক অত্যাধুনিক গোট গঠন কৰা বুলি প্ৰকাশ পাইছে৷ এই গোটটোৰ নাম ৰখা হৈছে ব্ৰেইন ৱাৰফেয়াৰ ইউনিট৷ ই চীনৰ মনোবৈজ্ঞানিক যুদ্ধ কৌশলৰ এটা অংশ৷ এই গোটৰ সৈনিকে মগজুৰ দ্বাৰা নিয়ন্ত্ৰণ হ’বলগীয়া অস্ত্ৰৰে শত্ৰুক আক্ৰমণ কৰিব৷ ৰিছাচৰ্ গ্ৰুপ চি চি পি বায়’থ্ৰেট্‌ছ ইনিচিয়েটিভে এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি পীপল্‌ছ লিবাৰেশ্যন আৰ্মিয়ে সামৰিক ব্যৱহাৰৰ কাৰণে কৃত্ৰিম বুদ্ধিমত্তা আৰু ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচৰ নতুন প্ৰযুক্তি কৌশলৰ বিকাশ সাধন কৰিছে৷ বিশ্লেষকসকলে প্ৰকাশ কৰা অনুসৰি এই চীনৰ সেনা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ এটা নতুন ৰূপৰ বিকাশৰ আশা কৰিছে, যি ব্যয়বহুল অস্ত্ৰৰে গুলীয়াগুলী নকৰাকৈয়ে যুদ্ধত জয়ী হ’ব পৰা যায়৷ ইয়াৰে কিছুমান অস্ত্ৰ এনেকুৱা যে সেইবিলাকে শত্ৰুৰ সৈনিকক নিদ্ৰামগ্ন কৰি তেওঁলোকৰ সতৰ্কতা ভংগ কৰিব পাৰে৷ এনেকুৱা এবিধ অস্ত্ৰত বিদ্যুৎ চৌম্বকীয় শক্তিৰ ব্যৱহাৰ কৰা হৈছে, যি শত্ৰুৰ সৈনিকক ক্লান্ত কৰাৰ কাৰণে ‘ছফ্‌ট কিল’ বেতাৰ তৰংগ ব্যৱহাৰ কৰা হ’ব৷ শত্ৰুৰ সৈনিকক মনোযোগ ভ্ৰষ্ট কৰা তথা শত্ৰুৰ একেধৰণৰ মনোবৈজ্ঞানিক অস্ত্ৰৰ মোকাবিলা কৰাৰ কাৰণে এবিধ বিশেষ ধৰণৰ চছ্‌মাৰ বিকাশ সাধন কৰিছে৷ এই চছ্‌মা পিন্ধাৰ পাছত সৈনিকসকলে শুব নোৱাৰিব৷ চীনে এইধৰণৰ সঁজুলি প্ৰস্তুত কৰিছে, যাৰ দ্বাৰা মানুহৰ মগজুক তথ্য প্ৰযুক্তিৰ সৈতে সংযোজিত কৰিব পৰা যাব৷ ইয়াৰ দ্বাৰা দেশখনে নিজ সৈনিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব৷ এই সঁজুলিক জৰিয়তে চীনৰ সৈনিক মানুহৰ আৱেগ-অনুভূতিকো নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কোৱা হৈছে৷ চীনৰ এই নতুন অস্ত্ৰ-কৌশলৰ বিষয়ে জ্ঞাত বিশ্লেষকসকলৰ মতে, দেশখনৰ বৈজ্ঞানিকসকলে এনেধৰণৰ অস্ত্ৰৰ বিকাশ কৰি আছে, যিবিলাক মানুহৰ মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব৷ ভৱিষ্যতে চীনৰ অস্ত্ৰাগাৰত কৃত্ৰিম বুদ্ধিমত্তা, ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ আৰু জৈৱিক অস্ত্ৰৰ দৰে অত্যাধুনিক প্ৰযুক্তি কৌশল মজুত থাকিব৷ স্নায়ৱিক অস্ত্ৰক লৈ চীনৰ কমিউনিষ্ট পাৰ্টিয়ে এক বিশেষ কৌশল প্ৰস্তুত কৰিছে৷ ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল আমেৰিকা, ভাৰত আৰু জাপানৰ দৰে নিজৰ প্ৰতিদ্বন্দ্বী দেশতকৈ কৌশলগতভাৱে আগবাঢ়ি থকা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here