অতীজৰে পৰা আমিষ আহাৰ হিচাপে অসমীয়া সমাজ জীৱনত মাছ ব্যৱহাৰ হৈ আহিছে৷ বিভিন্ন মাংগলিক অনুষ্ঠান, বিয়া-বাৰু, সভা-সমিতি, অতিথি আপ্যায়ন, অন্নপ্ৰাশন, মৎস্যস্পৰ্শ আদিত মাছ নহ’লেই নহয়৷ মাছ এবিধ উচ্ছ প্ৰ’টিনযুক্ত পুষ্টিকৰ আৰু সুস্বাদু খাদ্য৷ মাছত প্ৰায় ১৮-২২ শতাংশ প্ৰ’টিন পোৱা যায়৷ ইয়াৰ উপৰি ১-৬ শতাংশ লিপিড, ০.৪-১ শতাংশ কাৰ্বহাইড্ৰেট আৰু প্ৰায় ৮০ শতাংশ পানী থাকে৷ মাছত ভিটামিন-এ, ভিটামিন-ডিৰ লগতে খনিজ পদাৰ্থ যেনে– পটেচিয়াম, কেলচিয়াম, আইৰন, ফচফৰাছ, আয়ডিন আদি থাকে৷ মাছ হ’ল অতি সহজলভ্য প্ৰ’টিনৰ উৎস৷ ইয়াত থকা প্ৰ’টিনভাগ ছাগলীৰ মাংস, কুকুৰাৰ মাংসতকৈও অধিক৷ মাছৰ অতি কম সহযোগী কলা আৰু অধিক এলবুমনিৰ বাবে প্ৰ’টিনভাগ সহজে হজম হয়৷ আনহাতে শিঙি, মাগুৰ, কাৱৈ আদি মাছত যথেষ্ট পৰিমাণে লো আৰু তাম থাকে বাবে হিমগ্লবিন সংশ্লেষণ কৰিব পাৰে৷ সেয়ে ৰক্তহীনতা দূৰীকৰণত সহায় কৰে৷ গৰৈ, চেঙেলী, শ’ল, শাল আদি মাছত এৰাচিডনিক নামৰ এবিধ এচিড থাকে৷ ইয়ে তেজ গোট মৰাত সহায় কৰে৷ মাছৰ তেলত যথেষ্ট পৰিমাণে ডি এইচ এ আৰু ই পি এ থাকে, যিটো গৰ্ভৱতী মহিলাৰ বাবে দৰকাৰী৷ এই দুবিধ উপাদানে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশুৰ দৈহিক বৃদ্ধিত সহায় কৰে৷ এজমা ৰোগীৰ কাৰণে মাছ এবিধ উপযুক্ত খাদ্য৷ মগজুৰ বিকাশ আৰু উৎকৰ্ষ সাধন, স্মৃতি শক্তি বৃদ্ধিৰ বাবে মাছ খোৱাটো অতিকে জৰুৰী৷ কিয়নো মগজুৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা ছেৰ’টনিন আৰু নন্ এড্ৰানিলিন নামৰ ৰাসায়নিক পদাৰ্থ মাছত পোৱা যায়৷ মাছৰ তেলে যিকোনো বিষজাতীয় ৰোগ নিৰাময় কৰিব পাৰে৷ কৰ্কট ৰোগৰ দৰে ভয়ানক ব্যাধিও মাছৰ তেলে নিয়ন্ত্ৰণ কৰিব পাৰে৷ মাছ খালে মানুহৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে, সেয়ে ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ মাছ খাব লাগে৷ মাছৰ তেলত থকা অমেগা ফেটী এচিডে উচ্ছ ৰক্তচাপ প্ৰতিৰোধী হিচাপে কাম কৰে৷ হৃদপিণ্ডৰ সম্ভাব্য বিকাৰত মাছৰ তেলে বাধা প্ৰদান কৰে৷