ছাইবেৰিয়াত বৰ্তমান তাপমানমাইনাছ ৫৮ ডিগ্ৰী চেলচিয়াছ

0
181


উত্তৰ মেৰুৰ প্ৰচণ্ড ঠাণ্ডা বতৰৰ প্ৰভাৱ ৰাছিয়াৰ বিস্তীৰ্ণ অঞ্চলত পৰিছে৷ ৰাছিয়াৰ ছাইবেৰিয়া অঞ্চলত তাপমান মাইনাছ ৫৮ ডিগ্ৰী চেলছিয়াছলৈ নামে৷ বিশ্বৰ ভিতৰত অন্যতম অতি ঠাণ্ডা মহানগৰ য়াকুট্‌স্কৰ আকাশ গোটমৰা ডাৱৰ আৰু কুঁৱলীয়ে আৱৰি ৰাখে৷ এই মহানগৰখন মস্কোৰ পৰা প্ত হাজাৰ কিল’মিটাৰ পূবত অৱস্থিত৷ ডানিলা নামৰ এজন ব্যক্তিয়ে কয় যে এনেকুৱা বতৰৰ অভিজ্ঞতা লাভ কৰিবলৈকে মই য়াকুট্‌স্কলৈ আহিছোঁ আৰু মই ভাগ্যৱান, কাৰণ সাধাৰণতে ডিচেম্বৰত এনেকুৱা বতৰ নহয়৷ দাড়ি, হেট্‌ আৰু স্কাৰ্ফত বৰফ গোট মৰা ডানিলাই কয় যে আচলতে মোৰ বৰ বেছি ঠাণ্ডা লগা নাই, কাৰণ মই উপযুক্তভাৱে সাজু হৈ আহিছোঁ৷ কাপোৰ-কানি ঠিকমতে ননা হ’লে মই কেইমিনিটমানতে বৰফ হৈ গ’লোঁহেঁতেন৷ তেওঁ কয় যে প্ৰচণ্ড ঠাণ্ডাৰ কাৰণে তেওঁৰ কোটটো ঠৰঙা হৈ পৰিছে আৰু তেওঁৰ ফ’নৰ চাৰ্জ কেইমিনিটমানতে শেষ হৈ গৈছে৷ তেওঁ দুযোৰ গ্লাভ্‌ছ আনিছে আৰু ইযোৰৰ ওপৰত সিযোৰকৈ পোছাক পিন্ধিছে৷ উল্লেখ্য যে ছাইবেৰিয়াৰ উত্তৰ-পূব অংশত অৱস্থিত ছাখা গণৰাজ্যৰ কিছুমান অংশত তাপমান কালি নিশা মাইনাছ ৫৫ ডিগ্ৰী চেলচিয়াছলৈ নামে৷ ছাখা গণৰাজ্যখন ভাৰততকৈ অলপহে সৰু৷ ছাখাৰ এটা অঞ্চল অয়ম্যাওকনত আজি তাপমান মাইনাছ ৫৮ ডিগ্ৰী চেলচিয়াছলৈ নামে৷ বতৰ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে আদ্ৰৰ্তা আৰু বতাহৰ কাৰণে তাপমান মাইনাছ ৬৩ ডিগ্ৰী চেলচিয়াছ যেন লাগিব৷ য়াকুট্‌স্কৰ বজাৰত মাছ ৰাখিবলৈ ফ্ৰীজাৰৰ প্ৰয়োজন নোহোৱা হৈছে৷ মহানগৰখনৰ এজন বাসিন্দাই কয় যে উপযুক্ত পোছাক পিন্ধি থাকিলে সকলো ঠিকে থাকিব৷ প্ৰধান কথাটো হ’ল চলা-ফুৰা কৰি থাকিব লাগে যাতে তেজ চলাচল ঠিকমতে হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here