৫০-তো দেখিব ২০ বছৰীয়া!মাশ্বৰূমত লুকাই আছে অমৰত্বৰ বীজ

0
197


মাশ্বৰূম বা কাঠফুলা এক প্ৰাচীন কালৰ পৰা ব্যৱহৃত পাচলি৷ খুব কম পাচলিতহে এনেধৰণৰ সোৱাদ তথা স্বাস্থ্যগুণ থাকে, যি মাশ্বৰূমত পোৱা যায়৷ গৱেষকে কোৱা মতে মাশ্বৰূমত আছে অমৰত্বৰ বীজ৷ মাশ্বৰূমত এনে খাদ্যগুণৰ উপাদান পোৱা যায়, যিয়ে আপোনাক বহু বছপ পৰ্যন্ত সতেজ, শক্তিৱান তথা চিৰতৰুণ হৈ থকাত অৰিহণা যোগায়৷ মাশ্বৰূম খোৱাৰ ফলত ৫০ বছৰতো আপুনি ২০ বছৰীয়া সফল ডেকা হৈ থাকিব পাৰিব৷আনকি প্ৰসাধনীয় ক্ষেত্ৰত বয়স ধৰি ৰাখিবৰ বাবে যি প্ৰডাক্ট ব্যৱহাৰ কৰা হয়, তাৰ অন্যতম উপাদান হ’ল মাশ্বৰূম৷ অয়েষ্টাৰ আৰু শিতাক মাশ্বৰূমত প্ৰচুৰ পৰিমাণ বিটা গ্লুকান থাকে, যি একধৰণৰ দ্ৰৱণীয় ফাইবাৰ৷ এই বিটা গ্লুকানে কলেষ্টৰেল কমোৱা, হাৰ্ট আৰু ছালৰ সুস্থতাৰ বাবে অত্যন্ত দৰকাৰী৷
আন দুই প্ৰজাতিৰ মাশ্বৰূম হ’ল ৰেইছি আৰু চাগা মাশ্বৰূম৷ চাগা মাশ্বৰূমক অমৰত্বৰ মাশ্বৰূমো বোলা হয়৷ মূলতঃ জাপান, কেৰিয়া আৰু চীনত এই মাশ্বৰূম পোৱা যায়৷ আমেৰিকাৰ সাংঘাতিক সমাদৰ আছে এই প্ৰজাতিৰ মাশ্বৰূমৰ৷ ছালৰ আৰ্দ্ৰতা ধৰি ৰাখিবলৈ, শুষ্কতা নোহোৱা কৰিবলৈ এই মাশ্বৰূম খালে সুফল পোৱা যায়৷ স্বাভৱিকতে এই প্ৰজাতিৰ মাশ্বৰূম খালে ছালত বলিৰেখা নপৰিবলৈ সুৰক্ষা প্ৰদান কৰে৷ মাশ্বৰূমত ছেলেনিয়াম নামৰ এবিধ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ফ্ৰি ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা শৰীৰক ৰক্ষা কৰে৷ এই ফ্ৰি ৰেডিকেলে হৃদৰোগ তথা কেঞ্চাৰৰ পৰা সুৰক্ষা দিয়ে৷ ইয়াৰ লগতে এণ্টিঅক্সিডেণ্টে শৰীৰক বাৰ্ধক্যজনিত ক্ষয়ৰ পৰা ৰক্ষা কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ মাশ্বৰূম ভিটামিন-বিৰে সমৃদ্ধ৷ ইয়াত ৰাইবোফ্লাভিন, নিয়াচিন তথা পেণ্টোথেনিক এচিড পোৱা যায়৷ এই উপাদানবোৰে হাৰ্ট সুস্থ তথা সজীৱ কৰি ৰখাত সহায় কৰে৷ নিয়াচিনে পাচনতন্ত্ৰ ভালে ৰখাত তথা ছাল স্বাস্থ্যকৰ কৰি তোলাত সহায় কৰে৷ সেয়েহে নিয়মিতভাৱে মাশ্বৰূম খোৱাৰ ফলত আপোনাক বয়সৰ তুলনা তৰুণ যেন দেখিবলৈ পাব৷ সেইবাবে মাশ্বৰূমত অমৰত্বৰ বীজ লুকাই আছে বুলি কোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here