অধ্যয়ন : দৈনিক ২৫ মিটাৰ দৌৰে হ্ৰাস কৰে মৃত্যুৰ আশংকা

0
251


মানুহে নিজৰ আয়ুস বৃদ্ধি কৰিবলৈ হ’লে নিয়মীয়াকৈ দৌৰিব লাগে৷ এই কথা প্ৰকাশ পাইছে টাইৱানৰ গৱেষকসকলে কৰা এটা অধ্যয়নৰ পৰা৷ টাইৱানৰ গৱেষকৰ দল এটাই প্ৰায় চাৰি লাখ লোকৰ দৈনিক দৌৰা, জগিং কৰাৰ দৰে হাড় ভগা ব্যায়াম কৰা আৰু কম ব্যায়াম কৰা লোকসকলক লৈ এটা অধ্যয়ন কৰিছিল৷ অধ্যয়নটোৰ পৰা তেওঁলোকে জানিব পাৰে যে দৈনিক পাঁচ মিনিট দৌৰা লোকৰ জীৱনকাল দৈনিক ১৫ মিনিট খোজকঢ়া লোকসকলৰ সমান হৈ পৰে৷ ইয়াৰ লগতে তেওঁলোকে এই কথাও জানিব পাৰিলে যে নিয়মীয়াকৈ ২৫ মিনিট দৌৰিলে বা ১০৫ মিনিট খোজ কাঢ়িলে পৰৱৰ্তী আঠ বছৰত মৃত্যু হোৱাৰ আশংকা ৩৫ শতাংশ হ্ৰাস কৰিব পাৰি৷ ইয়াৰ আগতে ২০১৪ চনত আয়’বা ষ্টেট ইউনিভাৰছিটিৰ গৱেষকসকলে কৰা আন এটা অধ্যয়নৰ পৰ জানিব পৰা গৈছে যে নিয়মীয়াকৈ প্ৰতি ঘণ্টাত ৯ কিলোমিটাৰ বেগত বা তাতকৈ অধিক বেগত জগিং কৰা লোকসকল তাতকৈ মন্থৰ গতিত জগিং কৰা বা খোজকঢ়া লোকতকৈ ৩০ শতাংশ অধিক স্বাস্থ্যৱান হয়৷ ইয়াৰ লগতে এই লোকসকলৰ পৰৱৰ্তী ১৫ বছৰত মৃত্যুৰ আশংকাও ৩০ শতাংশ হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here