লাডাখৰ লেহ জিলাৰ ন্যামো মহকুমাৰ চুমাথাং অঞ্চলৰ গৰম পানীৰ উঁহবোৰৰ জলস্তৰ হঠাতে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰে৷ চৰকাৰী বিষয়াসকলে কয় যে উঁহবোৰৰ জলস্তৰ বৃদ্ধিৰ সম্পৰ্কত ভাৰতৰ ভূতাত্ত্বিক জৰীপ বিভাগ, ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ’লজি আৰু আন বিশেষজ্ঞৰ দলবোৰে এখন শ্বেতপত্ৰ প্ৰস্তুত কৰিব আৰু সংশ্লিষ্ট পক্ষসমূহক বিশেষকৈ লাডাখ প্ৰশাসনক দিব৷ উল্লেখ্য যে নৱেম্বৰ মাহৰ শেষৰ ১০ দিনত চুমাথাং আৰু ন্যামোৰ গৰম পানীৰ উঁহবোৰৰ জলস্তৰ হঠাৎ ২-৩ মিটাৰ বৃদ্ধি পাইছিল৷