শীতকালৰ পাচলিবোৰৰ ভিতৰত ফুলকবিও অন্যতম৷ ফুলকবি বন্ধা অৰু ওলকবিৰ পৰিয়ালৰে৷ ভাৰতলৈ ফুলকবিৰ আগমন ঘটিছিল ব্ৰিটিছৰ শাসনৰ সময়ত৷ নিজৰ গুণৰ বলত এতিয়া ফুলকবি অন্যতম জনপ্ৰিয় পাচলি হৈ পৰে৷ ফুলকবিৰ বিশেষ সোৱাদে আমিষভোজীসকলকো আকৰ্ষিত কৰে৷ ফুলকবিয়ে আমাক স্বাস্থ্যৱান কৰি ৰখাত আৰু শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যসমূহ বাহিৰলৈ উলিয়াই নিয়াতো সহায় কৰে৷ ফুলকবিত ভালেমান পুষ্টিকৰ দ্ৰব্য আছে৷ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড॰ বিশ্বজিৎ চৌধাৰীয়ে ফুলকবিক লৈ ব্যাপকভাৱে গৱেষণা কৰিছিল৷ তেওঁৰ মতে ফুলকবিত কম কেলৰি থাকে, কিন্তু ছডিয়াম কাৰ্ব’হাইড্ৰেট ফাইবাৰ, প্ৰটিন, ভিটামিন চি, মেগনেছিয়াম, পটেছিয়াম পৰ্যাপ্ত মাত্ৰাত আছে৷ আনহাতে ইয়াত নিচেই কম পৰিমাণৰ ফেট আছে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে ফুলকবি ৰান্ধোতে ইয়াত অলপমান আদা আৰু নহৰু দিলে সোৱাদ অধিক বৃদ্ধি পায়৷ এটা গৱেষণাৰ পৰা জানিব পৰা মতে, ফুলকবিত থকা খনিজসমূহে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে– যাৰ ফলত হৃৎপিণ্ড স্বাভাৱিক অৱস্থাত থাকে৷ ইয়াত থকা ক্ৰুছিফেৰাছে ৰক্ত পৰিবাহী নলীসমূহত ৰক্তপ্ৰৱাহ সুচল কৰি ৰখাত সহায় কৰে৷ আনহাতে ফুলকবিয়ে লিভাৰৰ বিষাক্ত দ্ৰব্যসমূহ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই নিয়াত সহায় কৰা এনজাইমসমূহ বৃদ্ধি কৰাত সহায় কৰে৷ ইয়াৰ লগতে পাচন প্ৰণালীক সবল কৰি ৰাখে৷ ইয়াত কম কেলৰি আৰু অধিক ফাইবাৰ থকাৰ ফলত ফুলকবি খালে ভোক কমে৷ সেয়েহে ওজন হ্ৰাস কৰাতো সহায় কৰে৷ ফুলকবিত থকা ভিটামিন-চিয়ে হাড় শক্তিশালী কৰে আৰু ইয়াত এনেকুৱা কিছুমান জৈৱিকভাৱে সক্ৰিয় যৌগ থাকে– যি হাড়ৰ ঘনত্ব বৃদ্ধি কৰে আৰু আঘাতৰ আশংকা হ্ৰাস কৰে৷ ইয়াৰ লগতে শৰীৰৰ ভিতৰত কোষৰ ক্ষতি কৰা কিছুমান হানিকাৰক অণুৰ দ্বাৰা হোৱা ক্ষতি ৰোধ কৰে ফুলকবিয়ে৷