মানুহৰ শুক্ৰাণুৱে মানি নচলেনিউটনৰ তৃতীয় গতিসূত্ৰ

0
285


মানুহৰ শুক্ৰাণুৱে নেজৰ সহায়ত ঘন তৰল পদাৰ্থৰ মাজেৰে আগুৱাই যায়৷ কিন্তু এই শুক্ৰাণুই আগুৱাই যাওঁতে পদাৰ্থবিজ্ঞানৰ অন্যতম মৌলিক সূত্ৰ, যাক নিউটনৰ গতিৰ তৃতীয় মৌলিক সূত্ৰ বুলি জনা যায়, সেই সূত্ৰ মানি নচলে৷ সম্প্ৰতি প্ৰখ্যাত বিজ্ঞান সাময়িকী পি আৰ এক্স জাৰ্নালত প্ৰকাশিত এক গৱেষণাৰ নিবন্ধই এই তথ্য প্ৰকাশ পাইছে৷ জাপানৰ কিয়োটো ইউনিভাৰছিটিৰ গণিতজ্ঞ কেণ্টা ইছিমত আৰু তেওঁৰ সহযোগীসকলে কৰা এক গৱেষণা জৰিয়তে শুক্ৰাণুসহ একধৰণৰ চলন্ত শক্তিসম্পন্ন বস্তু বা অণুজীৱবোৰ কিদৰে মানুহৰ শৰীৰত ঘন তৰলৰ ভিতৰত চলাচল কৰে৷ বিশেষকৈ ইমান ঘন তৰলৰ ঘনত্বৰ মাজেৰে শুক্ৰাণুৰ পথক বাধাৰ সৃষ্টি হয়নে? আদি বিষয়ত গৱেষণা কৰিছিল৷ ১৬৮৬ চনত যেতিয়া নিউটনৰ গতিসূত্ৰবোৰক কৈ কাম কৰিছিল, তেতিয়া বাহ্যিক বস্তুৰ ক্ষেত্ৰত সেই সূত্ৰ বিবেচনা কৰিলেও অণুজীৱৰ ক্ষেত্ৰত কোনো তৰল পদাৰ্থৰ মাজেৰে চলাচলৰ ক্ষেত্ৰত এই তত্ত্ববোৰ বিবেচনা হ’ব পাৰে সেইটো ভবা নাছিল৷ এই ক্ষেত্ৰত কিয়োটো ইউনিভাৰছিটিৰ বিজ্ঞানীয়ে বিষয়টো লৈ নতুনকৈ ভাবিবলৈ লয়৷ নিউটনৰ গতিৰ তৃতীয় সূত্ৰ প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া আছে– এই তত্ত্ব প্ৰকৃতিৰ এটা নিৰ্দিষ্ট প্ৰতিসাম্যকক নিৰ্দেশ কৰে৷¸ যেতিয়া দুটা পৰস্পৰবিৰোধী শক্তি এটাৰ বিৰুদ্ধে কাম কৰে৷ কিন্তু প্ৰকৃতিৰ সৰ্বত্ৰই বোধহয় এই তত্ত্ব সমানভাৱে কাম নকৰে৷ বিশেষকৈ তৰল পদাৰ্থৰ মাজেৰে চলাচল কৰাৰ ক্ষেত্ৰত এই সূত্ৰ সম্পূৰ্ণকৈ কাৰ্যকৰী নহয়৷ বিজ্ঞানীয়ে কৈছে যে মানুহৰ কোষবোৰে নিজৰ শক্তি নিজেই উৎপাদন কৰে৷ ঠিক একে কথাই প্ৰযোজ্য শুক্ৰাণুৰ ক্ষেত্ৰতো৷ ঘন তৰলৰ ভিতৰলৈ চলাচল কৰাৰ সময়ত শুক্ৰাণুও নিজৰ অভ্যন্তৰীণ শক্তিৰ সহায়ত আগুৱাই যায়৷ এই প্ৰক্ৰিয়াত শুক্ৰাণুৱে একপ্ৰকাৰ বল প্ৰয়োগ কৰিয়েই আগুৱাই যায়৷ কিন্তু বিপৰীতে সমান বলে শুক্ৰাণুক বাধা নিদিয়ে৷ যাৰ ফলত এই ক্ষেত্ৰত নিউটনৰ গতিৰ তৃতীয় সূত্ৰও প্ৰযোজ্য নহয়৷ বিজ্ঞানীয়ে কোৱা মতে শুক্ৰাণুৰ নেজৰ স্থিতিস্থাপকতা একেবাৰেই অনন্য৷ ইয়াৰ ফলত ইয়াৰ আশপাশত থকা তৰলে খুব সামান্য শক্তি ব্যয় কৰিয়েই শুক্ৰাণুক আগুৱাই যোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here