প্ৰতিদিনে নেমু খালেশৰীৰৰ কি ঘটিব পাৰে

0
203


সুস্বাদু, ৰসাল তথা ভিটামিন-চিসমৃদ্ধ নেমুক ছুপাৰ ফুড হিচাপে বিবেচনা কৰা হয়, যি বিভিন্ন ধৰণে শৰীৰৰ উপকাৰ সাধন কৰে৷ এই চাইট্ৰিক ফলবিধ বিশ্বৰ প্ৰতিটো ৰান্ধনি ঘৰৰ এবিধ প্ৰধান খাদ্য সামগ্ৰী বুলি জনা যায়৷ নেমুৱে হজমশক্তি উন্নত কৰাত সহায় কৰে৷ অকণমান নিমখৰ সৈতে নেমুৰ টুকুৰা খালে বমি বমি ভাব নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ নেমু খোৱাৰ ফলত মুখৰ ৰুচি বাঢ়ে৷ ছালৰ স্বাস্থ্যৰ কাৰণে নেমু উত্তম বুলি জনা যায়৷ নেমুত উচ্চ মাত্ৰাত কপাৰ, পটাচিয়াম, জিংক, এণ্টিঅক্সিডেণ্ট, ভিটামিন-বি৬, মেগনেচিয়াম আদি পোৱা যায়৷ নিয়মিতভাৱে নেমু খালে শৰীৰৰ কি উপকাৰ সাধন হয় জানো আহক৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত নেমুৱে যথেষ্ট অৰিহণা যোগায়৷ নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি তথা এণ্টিঅক্সিডেণ্ট থাকে বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰাত সহায় কৰে৷ নেমুৱে চৰ্দি তথা ফ্লুৰ লক্ষণ সৃষ্টিকাৰী জীৱাণুৰ বিৰুদ্ধে যুঁজ কৰে৷ এক গ্লাছ কুহুমীয়া পানীৰ সৈতে নেমুৰ ৰস মিহলাই তাত এচামুচ মৌ দি খালে চৰ্দি, কাহ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
প্ৰতিদিনে নেমু খোৱাৰ অভ্যাস কৰিলে কলেষ্টৰেলৰ মাত্ৰা কমোৱাত সহায় কৰে৷ জাৰ্নাল অব চিৰোপ্ৰাকটিক মেডিচিনৰ দ্বাৰা পৰিচালিত এটা গৱেষণা অনুসৰি ভিটামিন-চি এলডিএল বা ক্ষতিকাৰক কলেষ্টৰেলৰ মাত্ৰা কমোৱাত অৱদান যোগায়৷ ইয়াৰ উপৰি নেমুত ফ্লেভোনয়েড থাকে, যি ট্ৰাইগ্লিছাৰাইড তথা এলডিএলৰ মাত্ৰা কমোৱাত প্ৰমাণিত৷
চাইট্ৰিক এচিডযুক্ত নেমুত দ্ৰৱণীয় ফাইবাৰ পোৱা যায়, যি নিয়মিত অন্ত্ৰৰ গতিবিধি নিয়ন্ত্ৰণ কৰে তথা হজমত সহায় কৰে৷ নেমুত থকা প্ৰধান ফাইবাৰ পেকটিন, যি অন্ত্ৰৰ স্বাস্থ্য অটুট ৰাখে আৰু চেনি বা ষ্টাৰ্চৰ হজমৰ হাৰক ত্বৰান্বিত কৰে৷
এক গ্লাছ পানীত মৌ আৰু নেমুৰ ৰস মিহলাই সেৱন কৰিলে শৰীৰৰ কাৰণে বিস্ময়কৰ ফল পোৱা যায়৷ নেমুত থকা ফাইবাৰ খোৱাৰ পাছত প্ৰসাৰিত হয়, যি আপোনাক দীৰ্ঘসময়ৰ বাবে তৃপ্ত ৰাখে৷ এই সময়ত আপুনি অপ্ৰয়োজনীয় খাদ্য খোৱাৰ পৰা বিৰত থাকে৷ যাৰ ফলত শৰীৰৰ ওজন বৃদ্ধিৰ ভয় নাথাকে৷
আপুনি যদি কিডনীৰ পাথৰৰ সমস্যাত ভুগিছে, তেনেহ’লে নেমুৱে এই সমস্যাৰ পৰা সকাহ দিব পাৰে৷ নেমুত থকা চাইট্ৰিক এচিডে কিডনীৰ পাথৰ প্ৰতিৰোধত সহায় কৰে৷ নেমুৰ ৰসে মূত্ৰনলীত চাইট্ৰেট গঠন কৰে, যি পাথৰৰ স্ফটিকৰ বিকাশ ৰোধ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here