জাপানে গৰুৰ গোবৰ ব্যৱহাৰ কৰি ৰকেট উৰুওৱাৰ প্ৰস্তুতি চলাইছে৷ জাপানৰ ইণ্টাৰষ্টেলাৰ টেকন’লজিজে যোৱা সপ্তাহত এটা সৰু ৰকেট ইঞ্জিনৰ পৰীক্ষা কৰে৷ এই ৰকেট ইঞ্জিনটোক গৰুৰ গোবৰৰ পৰা প্ৰস্তুত কৰা ইন্ধন ব্যৱহাৰ কৰা হৈছিল৷ এই সৰু ৰকেটটো উৰুওৱা হৈছিল গোবৰৰ পৰা প্ৰস্তুত কৰা বায়’মিথেইনৰ দ্বাৰা৷ বায়’মিথেইনৰ দ্বাৰা চালিত এই ৰকেট ইঞ্জিনটোৱে প্ৰায় দহ মিনিটৰ কাৰণে আকাশত নীলা আৰু সুমথিৰা ৰঙৰ ধোঁৱা বিয়পাই গৈছিল৷ ইণ্টাৰষ্টেলাৰ টেকন’লজিজৰ মুখ্য কাৰ্যবাহী বিষয়া তাকাহিৰ’ ইনাগাৱাই প্ৰকাশ কৰা অনুসৰি ইয়াত ব্যৱহাৰ কৰা বায়’মিথেইন সম্পূৰ্ণৰূপে গৰুৰ গোবৰৰ পৰা প্ৰস্তুত কৰা হৈছিল আৰু এই গোবৰ অনা হৈছিল স্থানীয় দুখন ডেইৰী ফাৰ্মৰ পৰা৷ তেওঁ লগতে এই কথাও কয় যে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ৰকেট ইঞ্জিনত গোবৰৰ পৰা প্ৰস্তুত কৰা বায়’মিথেইন ব্যৱহাৰ কৰা নাই, ইয়াৰ আন এটা উদ্দেশ্য হ’ল, যাতে ইয়াক স্থানীয়ভাৱে প্ৰস্তুত কৰিব পাৰি৷ গৰুৰ গোবৰৰ পৰা প্ৰস্তুত কৰা ইন্ধনেৰে ৰকেট ইঞ্জিনৰ সফল পৰীক্ষা কৰা ইণ্টাৰষ্টেলাৰ টেকন’লজি বিশ্বৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ কোম্পানী বুলি উল্লেখ কৰি তেওঁ কয় যে ভৱিষ্যতে হয়তো সমগ্ৰ বিশ্বই এই কাম কৰিবলৈ ল’ব৷ গোবৰৰ পৰা প্ৰস্তুত কৰা ইন্ধনেৰে ৰকেট ইঞ্জিনৰ পৰীক্ষা কৰা ইণ্টাৰষ্টেলাৰ টেকন’লজিজ আৰু এয়াৰ ৱাটাৰ ফাৰ্মে কয় যে অনাগত দিনবোৰত এই ইন্ধন ব্যৱহাৰ কৰি মহাকাশত কৃত্ৰিম উপগ্ৰহো স্থাপন কৰিব পৰা যাব৷ উল্লেখযোগ্য যে উক্ত ডেইৰী ফাৰ্ম দুখনে স্থানীয় গোপালক তথা খেতিয়কৰ সৈতে মিলি কাম কৰে৷ তেওঁলোকে খেতিপথাৰৰ কাষতে গোবৰৰ পৰা বায়’গেছ প্ৰস্তুত কৰা প্ৰকল্প স্থান কৰি লৈছে৷