শাৰীৰিক কি কি সমস্যাতসৰিয়হ শাক হয় বিষৰ সমান

0
258


শীতকাল মানেই নানাবিধ শাক খোৱাৰ সময়৷ কিয়নো শীতকালতেই সকলো প্ৰকাৰৰ শাক উৎপন্ন হয় আৰু খোৱাৰ উপযোগী হৈ উঠে৷ পালেং, মূলা, লাই, লফা, খুতুৰা, জিলমিল, ধনিয়া আদি সকলো শাক শীতত পোৱা যায়৷ শীতৰ পুৱা গৰম ভাতৰ সৈতে শাক ভাজি খোৱাৰ আমেজেই সুকীয়া৷ কিন্তু এই শাকবোৰৰ ভিতৰতো কিছু কিছু শাক সকলোৰে বাবে উপকাৰী নহয়, অৰ্থাৎ কিছুমান লোকৰ কিছুমান শাক খালে শাৰীৰিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷ সকলোধৰণৰ শাকে কিছু লোকৰ বাবে উপকাৰী নহ’বও পাৰে৷ শীতকালক বজাৰত পোৱা সেউজীয়া শাকৰ ভিতৰত পালেং, পুই দৰে সৰিয়হ শাকো পোৱা যায়৷ এই সৰিয়হ শাক বেছ সুস্বাদু তথা স্বাস্থ্যকৰ হোৱা হেতু প্ৰায়ভাগ লোকে খাবলৈ পচন্দ কৰে৷ কিন্ত আপুনি জানেনে এই শাকবিধ সুস্বাদু হ’লেও কিছুমান লোকে খোৱা উচিত নহয়৷ বিশেষজ্ঞই কোৱা মতে যিসকলৰ কিডনীৰ সমস্যা আছে, অৰ্থাৎ কিডনীজনিত ৰোগত এই শাকবিধ খোৱা উচিত নহয়৷ অন্যথা হিতৰ বিপৰীতহে হ’ব পাৰে৷ গেছ, এচিডিটিৰ সমস্যা থাকিলে সৰিয়হ শাক খোৱাৰ ফলত এইধৰণৰ সমস্যা বাঢ়ি যোৱাৰ সম্ভাৱনা অধিক৷ এইধৰণৰ সমস্যা থাকিলে এই শাক খোৱাৰ ফলত পেটৰ বিষ, বমি হোৱাৰ সমস্যাই দেখা দিব পাৰে৷ থাইৰয়েডৰ সমস্যা থাকিলে সৰিয়হ শাকৰ পৰা দূৰ থকাই ভাল৷ কিয়নো সৰিয়হ শাকে থাইৰয়েডৰ সমস্যা অধিক বৃদ্ধি কৰিব পাৰে৷ আনহাতে উচ্চ ৰক্তচাপৰ সমস্যাত ভোগা লোকসকলে সৰিয়হ শাক খোৱাৰ পৰা দূৰত থাকক৷ নহ’লে এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে৷ হাৰ্টৰ ভোগা ৰোগীয়ে সৰিয়হ শাক খোৱা উচিত নহয়৷ এই শাকে তেজ জমা হোৱাৰ বাধা জন্মাব পাৰে৷ স্বাস্থ্য সংক্ৰান্তীয় মাৰাত্মক বিপদ আনিব পাৰে এই শাক খোৱাৰ ফলত৷ সেয়ে কিছুমান শাৰীৰিক অসুবিধাত ভোগা লোকে এই শাক নোখোৱাই ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here