বিশ্বৰ বিভিন্ন স্থানত প্ৰায়ে কিছুমান আচৰিত ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকে৷ তেনে এখন প্ৰতিযোগিতা অলপতে জাপানত অনুষ্ঠিত হৈ যায়৷ এই প্ৰতিযোগিতাখন আছিল জাবৰ বোটলাৰ প্ৰতিযোগিতা৷ জাপানত প্ৰতিবছৰে অনুষ্ঠিত হয় জাবৰ বোটলাৰ বিশ্ব কাপ৷ এইবাৰৰ এই বিশ্ব কাপত ভাগ লৈছিল বিশ্বৰ ২১খন দেশে৷ এই প্ৰতিযোগিতাত দলীয় হিচাপে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাখনৰ নাম দিয়া হৈছে স্প’গোম ৱৰ্ল্ড কাপ৷ স্পৰ্ট আৰু গমি নামৰ দুটা শব্দ মিলাই স্প’গোমি কৰা গৈছে৷ জাবৰক জাপানী ভাষাত গোমি বুলি কোৱা হয়৷ প্ৰতিযোগিতাত ২১খন দেশৰ তিনিটা দলে এঘণ্টাত যিমান পাৰে জাবৰ বোটলে৷ এই প্ৰতিযোগিতাত ব্ৰিটেইনৰ প্ৰতিযোগীসকলে এঘণ্টাৰ ভিতৰত ১২৬.২ পাউণ্ড জাবৰ বুটলি ৯,০৪৬.১ পইণ্ট সংগ্ৰহ কৰে আৰু বিশ্ব কাপ জয় কৰে৷ মন কৰিবলগীয়া যে এনেধৰণৰ প্ৰতিযোগিতাই কোনো এখন দেশৰ সাগৰীয় উপকূল পৰিষ্কাৰ কৰি ৰখাতো সহায় কৰে৷ এই প্ৰতিযোগিতাত পইণ্ট দিয়া হয় জাবৰৰ প্ৰকৃতিক নিৰ্ভৰ কৰি৷ আনহাতে ইয়াত জাবৰ বোটলোতে আনৰ সহায় ল’ব নোৱাৰিব৷ জাবৰবোৰ বোটলাৰ পাছত সুকীয়া সুকীয়া ধৰণৰ জাবৰ পৃথক কৰাৰ কাৰণে কুৰি মিনিট সময় দিয়া হয়৷ অহা বছৰ এই প্ৰতিযোগিতা টকিঅ’ উপকূলত হ’ব৷ কোনো লোকে ইয়াত যোগ দিবলৈ বিচাৰিলে প্ৰতিযোগিতাৰ চৰকাৰী ৱেবছাইটত যোগাযোগ কৰিব পাৰিব৷