ভাৰতত অস্বাভাৱিক বতৰতপ্ৰভাৱিত হয় ৮০ শতাংশ লোক

0
179


ভাৰতত চলিত বছৰৰ প্ৰথম জ্ঝ মাহত বতৰে ভয়াৱহ ৰূপ লয়৷ এই সময়ছোৱাত প্ৰায় প্ৰতিদিনে দেশখনৰ কোনোবা এটা নহয় এটা স্থানত প্ৰাকৃতিক দুৰ্যোগ হোৱা দেখিবলৈ পোৱা গৈছিল৷ বতৰৰ পৰিৱৰ্তন তথা প্ৰাকৃতিক দুৰ্যোগৰ বাবে চলিত বছৰৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈ দেশত ২৯২৩জন লোকৰ মৃত্যু হয়৷ ইয়াৰ লগতে প্ৰায় ২০ লাখ হেক্টৰ ভূমিৰ ফচল নষ্ট হয়, ৮০ হাজাৰ ঘৰ বিধবস্ত হোৱাৰ লগতে ৯২ হাজাৰতকৈ অধিক পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হয়৷ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ [চি এছ ই] শেহতীয়াকৈ প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ ইয়াত জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে দেশৰ বিভিন্ন অংশত বতৰৰ চূড়ান্ত পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে৷ চি এছ ইৰ সঞ্চালক প্ৰধান সুনীতা নাৰায়ণে কয় যে বিশ্বৰ তাপমাত্ৰা বৃদ্ধি পোৱা ২০২৩ বৰ্ষটোত ভাৰতত ব্যাপক ৰূপতঅহৰহ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন আৰুঅস্বাভাৱিক প্ৰাকৃতিক ঘটনা দেখিবলৈ পোৱা গৈছিল৷ তেওঁ লগতে কয় যে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এনে ধৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ মূল কাৰণ হ’ল জলবায়ু পৰিৱৰ্তন৷ সুনীতাৰ মতে, জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ হ’ল বিশ্বত ব্যাপক ৰূপত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাটো৷ ২০১৫ চনত পেৰিছত কৰা সন্ধি অনুসৰি বিশ্বৰ দেশসমূহে বিশ্বৰ গড় উষ্ণতা বৃদ্ধি ৰ.প্ত ডিগ্ৰী চেলছিয়াছৰ তলত ৰখাৰ সিদ্ধান্ত লৈছিল, কিন্তু কোনো এখন দেশেই এই লক্ষ্যত উপনীত হোৱাৰ কাৰণে কাম কৰা নাই৷ অৰ্থাৎ সমগ্ৰ বিশ্বই এই লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি এই বছৰ সৰ্বাধিকসংখ্যক প্ৰাকৃতিক দুৰ্যোগ হয় মধ্য প্ৰদেশত৷ ৰাজ্যখনত ১৩৮ বাৰ বতৰে চূড়ান্ত ৰূপ লোৱা দেখা পোৱা গৈছিল৷ বিহাৰত এনে ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে ৬৪২জন, হিমাচল প্ৰদেশত ৩৬৫জন আৰু উত্তৰ প্ৰদেশত ৩৪১জন লোক নিহত হৈছিল৷ দাক্ষিণাত্যৰ কেৰালাত এই বছৰ আটাইতকৈ বেছি দিন বতৰ বেয়া আছিল৷ ৰাজ্যখনত ৬৭ দিন বতৰৰ ভয়াৱহ ৰূপ দেখা পোৱা গৈছিল৷ তেলেংগানাত ৬২ হাজাৰ হেক্টৰতকৈ অধিক ভূমিৰ খাদ্য শস্য নষ্ট হয় আৰু ৬৪৫টা পোহনীয়া জন্তুৰ মৃত্যু হয়৷ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কৰ্ণাটকত ১১ হাজাৰ ঘৰ বিধবস্ত হয়৷ উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশত সৰ্বাধিক ১১৩ দিন বতৰ বেয়া আছিল৷ অসমত ১০২ দিন বতৰে অস্বাভাৱিক ৰূপ লৈছিল৷ ইয়াৰ ফলত ১৫৯টা পোহনীয়া জন্তুৰ মৃত্যু হোৱাৰ লগতে ৪৮ হাজাৰ হেক্টৰ ভূমিৰ খাদ্যশস্য নষ্ট হয়৷ নগালেণ্ডত ১৯০০তকৈ অধিক ঘৰ ধবংস হয়৷ চি এছ ইৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি জানুৱাৰী মাহত গড় হিচাপত অলপ গৰম আছিল, কিন্তু ফেব্ৰুৱাৰী মাহৰ উষ্ণতাই ১২২ বছৰৰ অভিলেখ ভংগ কৰে৷ আনহাতে আগষ্টত খৰাং-সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছিল৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি বজ্ৰপাততো বৃহৎসংখ্যক লোকৰ মৃত্যু হয়৷ দেশত চলিত বছৰৰ প্ৰথম ২৭৩ দিনৰ ভিতৰত ১৭৬ দিন বজ্ৰপাতৰ ঘটনা ঘটে৷ এই ঘটনাত ৭১১জন লোকে প্ৰাণ হেৰুৱায়৷ সৰ্বাধিক সংখ্যক লোক নিহত হৈছিল বিহাৰত৷ সমগ্ৰ দেশতে আটাইতকৈ বেছি দুৰ্যোগৰ সৃষ্টি কৰিছিল বানপানী, ধাৰাসাৰ বৰষুণ আৰু ভূমি…লনে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি অস্বাভাৱিক বতৰ তথা প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ৮০ শতাংশ ভাৰতীয় প্ৰভাৱিত হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here