সমীক্ষা : ভাৰতত ক্ৰমে কমিছে বাল্য বিবাহ

0
172


দ্য লেনচেট গ্লবেল হে’লথ নামৰ বাৰ্তালোচনীখনত প্ৰকাশিত এটা অধ্যয়ন মতে ভাৰতত বাল্য বিবাহৰ প্ৰথা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা প্ৰগতি সাম্প্ৰতিক বছৰবোৰত একেবাৰে স্থবিৰ হৈ পৰিছে৷ আনহাতে ভাৰতত প্ৰতি পাঁচগৰাকী ছোৱালীৰ ভিতৰত এগৰাকী আৰু প্ৰতি ছয়জন ল’ৰাৰ ভিতৰত এজন বিবাহিত৷ অধ্যয়নটোত গৱেষকসকলে কয় যে ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত কিছুমান ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বাল্য বিবাহৰ প্ৰথা বেছি সাধাৰণ কথা হৈ পৰিছে৷ ১৯৯৩ চনৰ পৰা ২০২১ চনলৈ ভাৰতৰ পাচটা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ আটাইকেইটাৰ তথ্য বিশ্লেষণ কৰাৰ পাছত গৱেষকসকলে কয় যে মণিপুৰ, পঞ্জাব, ত্ৰিপুৰা, পশ্চিম বংগকে ধৰি ছয়খন ৰাজ্যত ছোৱালীৰ বাল্য বিবাহ আৰু মণিপুৰ, ছট্টিশগড়, গোৱা আৰু পঞ্জাবকে ধৰি আঠখন ৰাজ্যত ল’ৰাৰ বাল্য বিবাহ বৃদ্ধি পাইছিল৷ কিন্তু হাৰ্ভাৰ্ড ইউনিভাৰছিটি আৰু ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়সমূহৰ গৱেষকক লৈ গঠিত গৱেষকৰ দলটোৱে কয় যে ভাৰতত ৰাষ্ট্ৰীয়ভাৱে বাল্য বিবাহ কমিছে৷ তেওঁলোকৰ মতে ১৯৯৩ চনত ছোৱালীৰ বাল্য বিবাহ ৮৯ শতাংশৰ পৰা ২০২১ চনত ২২ শতাংশলৈ কমে৷ আনহাতে ল’ৰাৰ বাল্য বিবাহ ২০০৬ চনত সাত শতাংশৰ পৰা ২০২১ চনত দুই শতাংশলৈ কমে৷ আনহাতে ৰাষ্ট˜সংঘৰ মতে সমগ্ৰ বিশ্বত ২০২২ চনত প্ৰতি পাঁচগৰাকী কম বয়সীয়া ছোৱালীৰ ভিতৰত এগৰাকীৰ বাল্য বিবাহ হৈছিল

LEAVE A REPLY

Please enter your comment!
Please enter your name here