ৰঙালাও এবিধ অতি প্ৰাচীন পাচলি আৰু ইয়াৰ খেতি সমগ্ৰ বিশ্বতে কৰা হয়৷ ৰঙালাওৰ বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৰন্ধা হয়৷ ৰঙালাও পুষ্টিকৰ দ্ৰব্যৰে ভৰপূৰ৷ ৰঙালাও অতি বিশেষ গুণ থকা মুষ্টিমেয় কেইবিধমান পাচলিৰ অন্যতম৷ ৰঙালাওৱে আমাৰ শৰীৰক ভিতৰৰ পৰা সজীৱ কৰি ৰখাৰ লগতে গাৰ ছাল নিমজ তথা উজ্জ্বল কৰি ৰখাতো সহায় কৰে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে ৰঙালাওত বিশেষ প্ৰকাৰৰ ভিটামিন আৰু খনিজ থাকে, যিবিলাক শৰীৰৰ বাবে উপকাৰী৷ ইয়াত কেলৰি আৰু ফেট নাথাকে৷ ইয়াৰ বিপৰীতে ৰঙালাওত ফাইবাৰ, মেগনেচিয়াম, আয়ৰন, পটেচিয়াম, ছালফাৰ, প্ৰ’টিন কেলচিয়াম, ছডিয়াম, কপাৰ, ভিটামিন এ আৰু চি আছে৷ ৰঙালাওত আল্ফা কেৰ’টিন আৰু পটেচিয়াম তথা জিংক আৰু আন মিনাৰেল আছে, যি চুলি গজাত আৰু সুস্থ সবল কৰি ৰখাত সহায় কৰে৷ ৰঙালাও মগজুৰ বাবেও উপকাৰী৷ মানৱ শৰীৰত ট্ৰিপ্ট’ফেনৰ মাত্ৰা হ্ৰাস পালে প্ৰায়ে মানসিক অৱসাদৰ সৃষ্টি হয়৷ ৰঙালাওত এল-ট্ৰিপ্ট’ফেন পৰ্যাপ্ত মাত্ৰাত পোৱা যায়৷ সেয়েহে ৰঙালাও খালে মানসিক চাপ আৰু অৱসাদ হ্ৰাস কৰাত সহায় কৰে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে নিয়মীয়াকৈ ৰঙালাও খালে ভাল টোপনিও হয়৷ আনহাতে ৰঙালাও নিয়মীয়াকৈ খালে প্ৰৌঢ়তা প্ৰতিৰোধতো সহায় কৰে৷ পাচন প্ৰক্ৰিয়া সবল কৰাতো সহায় কৰে৷ ইয়াত থকা বিটা কেৰ’টিনে দৃষ্টিশক্তি বৃদ্ধিতো সহায় কৰে৷ ইয়াৰ লগতে হৃৎপিণ্ড তথা মাংসপেশী মসৃণ তথা মজবুত কৰি ৰাখে৷ আনহাতে ৰঙালাওত থকা বিশেষ ধৰণৰ খনিজে ষ্ট্ৰ’কৰ আশংকাও হ্ৰাস কৰে আৰু ধমনীসমূহ টান হৈ যোৱাৰ পৰা ৰক্ষা কৰে৷ ফলত উচ্চ ৰক্ত চাপৰ আশংকাও হ্ৰাস পায়৷ ইয়াৰ লগে লগে হৃৎপিণ্ডৰ ৰোগৰ পৰাও ৰক্ষা কৰে৷ আনহাতে ৰঙালাওৱে গাঁঠিৰ বিকাৰ প্ৰতিৰোধত সহায় কৰে৷ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যসমূহ নিৰ্গত কৰাতো সহায় কৰে৷