অধ্যয়ন : ডাইনছ’ৰৰ বিলুপ্তিৰ প্ৰধান কাৰণ আছিল আগ্নেয়গিৰি উদ্‌গিৰণ

0
154


এসময়ত পৃথিৱীত বিশালকায় আকাৰৰ ডাইনছ’ৰৰ বসতি আছিল৷ এই হিংস্ৰ প্ৰাণীবিধৰ ভয়ত চাৰিওফালে ত্ৰাস হৈছিল৷ ইয়াৰ নিমিষতে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা ভাঙি চূৰমাৰ কৰাৰ ক্ষমতা আছে৷ এইদৰে ডাইনছ’ৰে পৃথিৰীত সন্ত্ৰাস চলাইছিল৷ কিন্তু এটা সময়ত কালৰ বুকুত এইবিধ প্ৰাণী নিঃ¸শেষ হৈছিল হৈছিল এই পৃথিৱীৰ পৰা৷ ইয়াৰ কাৰণ আছিল বহুতো৷ শেহতীয়াভাৱে এক অধ্যয়নে পৃথিৱীৰ পৰা ডাইনছ’ৰৰ বিলুপ্তিৰ কাৰণ বিচাৰি উলিয়াইছে৷ পশ্চিম মধ্য ভাৰতৰ ডেকান ট্ৰেপছক লৈ চলোৱা অধ্যয়ন কৰা বিজ্ঞানীসকলে দাবী কৰিছে যে আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ ফলত পৃথিৱীৰ পৰা বিশালকায় ডাইনছ’ৰৰ বিলুপ্তি হৈছিল৷ পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তনৰ ফলত এলানি আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ বাবে এই পৃথিৱীৰ পৰা চিৰদিনলৈ নিঃশেষ হৈছিল ডাইনছ’ৰবোৰ৷ বিজ্ঞানীসকলে লাভ কৰা তথ্য মতে ডেকন ট্ৰেপছ গঠিত হৈছিল ধাৰাবাহিক আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ ফলত৷ এই ডেকন ট্ৰেপছ আগ্নেয়গিৰিৰ গলিত লাভাই সৃষ্টি কৰিছিল৷ উল্লেখ্য যে পৃথিৱীৰ অস্বাভৱিক জলবায়ুৰ পৰিৱৰ্তনৰ ফলতে আগ্নেয়গিৰিৰ উদ্‌গিৰণ হৈছিল আৰু এই উদ্‌গিৰণৰ বাবেই এই পৃথিৱীৰ পৰা চিৰদিনলৈ ডাইনছ’ৰৰ নোহোৱা হৈ গৈছিল৷ ইয়াৰ আগেয়ে বিজ্ঞানীয়ে বিশাল উল্কাপাতৰ ফলত ডাইনছ’ৰৰ বিলুপ্তি হোৱা বুলি দাবী কৰিছিল যদিও শেহতীয়াভাৱে কৰা এই অধ্যয়নে দুই লাখ বছৰ পূৰ্বে ধাৰাবাহিকভাৱে হোৱা আগ্নেয়গিৰিৰ উদগিৰণৰ ফলতে ডাইনছ’ৰৰ নিঃশেষ হোৱা বুলি সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here