চন্দ্ৰত পোৱা ইন্ধনেৰে ১০ হাজাৰবছৰলৈ বিদ্যুৎ উৎপাদন হ’ব

0
251


চন্দ্ৰ এতিয়া বিভিন্ন মহাকাশ কেন্দ্ৰৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ আমেৰিকা, ভাৰত আৰু চীনকে ধৰি বিভিন্ন দেশৰ মহাকাশ সংস্থাসমূহে চন্দ্ৰত অভিযান চলাই আছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু চীনে চন্দ্ৰত বসতিস্থল স্থাপন কৰিবলৈ ওলোৱা বুলিও জনা গৈছে৷ ইয়াৰ মাজতে এজন বিশেষজ্ঞই এইবুলি প্ৰকাশ কৰিছে যে চন্দ্ৰ পৃথিৱীবাসীৰ বাবে জীৱনদায়ক হৈ পৰিব পাৰে৷ তেওঁৰ মতে চন্দ্ৰই পৃথিৱীত বিদ্যুতৰ অভাৱ দূৰ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ টীম মাশ্বৰ্াল নামৰ এই বিশেষজ্ঞজনে পৃথিৱী আৰু চন্দ্ৰক লৈ ভালেমান গ্ৰন্থ লিখিছে৷ টীমৰ মতে, চন্দ্ৰপৃষ্ঠৰ তলত বিদ্যুৎ উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা ধাতু মজুত আছে বুলি তেওঁ সম্পূৰ্ণৰূপে বিশ্বাস কৰে৷ তেওঁৰ নিজৰ শেহতীয়া গ্ৰন্থ ‘দ্য টাইম্‌ছ’ত এই বুলি উল্লেখ কৰিছে যে চন্দ্ৰত এনেকুৱা কিছুমান ধাতু আছে– যিবোৰ পৃথিৱীত নিচেই কম পৰিমাণেহে পোৱা যায়৷ চন্দ্ৰত খনন কৰি এই ধাতুবোৰ উলিয়াই আনিব পাৰিলে পৃথিৱীত বিদ্যুতৰ নাটনি দূৰ কৰিব পৰা যাব৷ ইফালে চীনৰ চন্দ্ৰ অন্বেষণ কাৰ্যসূচীৰ মুখ্য বিজ্ঞানী ওয়াং জিয়ুয়ানৰ মতে, যদিহে চন্দ্ৰত বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব পৰা ধাতু পোৱা যায় তেতিয়া পৃথিৱীত অহা দহ হাজাৰ বছৰৰ কাৰণে বিদ্যুৎ উৎপাদন কৰিব পৰা যাব৷ উল্লেখ্য যে আমেৰিকাই ২০২৫ চনত এগৰাকী মহিলা আৰু এজন পুৰুষক চন্দ্ৰলৈ প্ৰেৰণ কৰিব৷ নাছাই ২০৩০ চনৰ ভিতৰত চন্দ্ৰত খনন কৰাটো বিচাৰিছে আমেৰিকাৰ অধিকাংশ লোকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here