অধ্যয়নত প্ৰকাশ : ভিডিঅ’ কলিঙে মগজুৰ ক্ষতি কৰে

0
148


ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ পাছত ভিডিঅ’ কলিং কৰাটো এতিয়া সাধাৰণ কথা হৈ পৰিছে৷ মানুহে ইজনৰ লগত সিজনৰ যোগাযোগ স্থাপনৰ কাৰণে প্ৰায়ে ভিডিঅ’ কলিং কৰা দেখা পোৱা যায়৷ শেহতীয়াকৈ বৈজ্ঞানিকসকলে প্ৰকাশ কৰা অনুসৰি ভিডিঅ’ কলিঙে আমাৰ মগজুত প্ৰভাৱ পেলায়৷ য়েল বিশ্ববিদ্যালয়ৰ সকলে কৰা এটা অধ্যয়নৰ পৰা এই কথা প্ৰকাশ কৰিছে৷ সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি ভিডিঅ’ কলিঙে আমাৰ মগজুৰ আনৰ সৈতে কথা পতা, ইংৰাজীত ভাৱ বিনিময় কৰাৰ প্ৰক্ৰিয়াটোত বিৰূপ প্ৰভাৱ পেলাইছে৷ এই অধ্যয়নটোত মুখামুখিকৈ কথা পতাটোৱে আমাৰ ভাৱবিনিময়ৰ প্ৰক্ৰিয়াটোক কেনেকৈ স্বাভাৱিক ৰূপ দিয়ে সেইটো জানিবলৈ বিচৰা হৈছিল৷ ইয়াৰ পৰা জানিব পৰা মতে ভিডিঅ’ কলিঙে স্বাভাৱিক ভাৱবিনিময়ৰ প্ৰক্ৰিয়াটোক বিকৃত ৰূপ দিছে৷ এই অধ্যয়নটোত গৱেষকৰ দলটোক নেতৃত্ব দিয়া জয় হিৰ্ছৰ মতে আমাৰ মগজুত এক সামাজিক প্ৰণালী থাকেচ যি বাস্তুৱিক, মুখামুখি বা ব্যক্তিগতভাৱে বাৱ বিনিময় কৰাৰ সময়ত অধিক সক্ৰিয় হৈ পৰে আৰু ভালদৰে কাম কৰে৷ কিন্তু অনলাইনত মুখাবয়ৱ দেখাৰ সময়ত মগজুৰ সামাজিক স্নায়বীয় তৎপৰতা মুখামুখিকৈ কথা পতাৰ সময়ৰ সমান সক্ৰিয় হৈ নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here