বিপজ্জনক পেইনকিলাৰ নেফটেলক লৈকেন্দ্ৰীয় চৰকাৰৰ সতৰ্কতা জাৰি

0
219


সাধাৰণতে আমি অত্যধিক বিষ-কোপ আদিত বিষ নিবাৰণৰ বাবে পেইনকিলাৰ ব্যৱহাৰ কৰোঁ৷ কিন্তু এই পেইনকিলাৰ পাশ্বৰ্ক্ৰিয়া বহুত বেছি বাবে এইবোৰ খাওঁতে সাৱধানতা অৱলম্বন কৰাটো জৰুৰী৷ এটা কথা সদায় মন কৰিব লাগে যে ডক্তৰৰ পৰামৰ্শ অবিহনে কেতিয়াও পেইনকিলাৰ ব্যৱহাৰ কৰিব নালাগে৷ দেশত প্ৰচলিত পেইনকিলাৰ কিছুমানৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰে৷ ভাৰতত সাধাৰণ জনতাই বহুলভাৱে ব্যৱহাৰ কৰি থকা পেইনকিলাৰ নেফটেলৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ইণ্ডিয়ান ফাৰ্মা লেপুইয়া চামিছনে সতৰ্কতা জাৰি কৰিছে৷ এই পেইকিলাৰবিধে ৰোগীৰ শৰীৰত ভয়ানক পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰাৰ আশংকা লাভ কৰাৰ পাছতে এই ঔষধবিধৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা জাৰি কৰে৷ ইয়াৰ লগতে যিসকলে এই পেইনকিলাৰ ব্যৱহাৰ কৰি আহিছে তেনে ৰোগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত নজৰ দিবলৈও কোৱা হৈছে৷ উল্লেখ্য যে মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ আৰু ৰিউমেটইড আথ্ৰাইটিছ ৰোগীৰ ক্ষেত্ৰত এই পেইনকিলাৰ ব্যৱহাৰ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here