২০২৩ চনে ভংগ কৰিলেজলবায়ুৰ সকলো অভিলেখ

0
163


বিশ্ব বতৰ বিজ্ঞান সংগঠনে [ডব্লিউ এম অ’] এখন প্ৰতিবেদনত কয় যে ২০২৩ বৰ্ষই জলবায়ুৰ সকলো ৰেকৰ্ড চূৰমাৰ কৰিলে৷ বছৰটোত চৰম বতৰে ধবংসলীলা চলালে৷ বাৰ্ষিক জলবায়ু শীৰ্ষ সন্মিলন ‘কপ্‌২৮’ৰ ষ্টেট অব্‌ দ্য গ্ল’বেল ক্লাইমেট ৰিপ’ৰ্টত কোৱা হৈছে যে অক্টোবৰৰ শেষলৈকে সংগৃহীত তথ্য মতে, বছৰটোত উষ্ণতা প্ৰাক্‌-ঔদ্যোগিক কালৰ তুলনাত প্ৰায় ৰ.৪০ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পায়৷ পূৰ্বতে আটাইতকৈ বেছি গৰমৰ বছৰ বুলি কোৱা ২০২৩, ২০১৬ আৰু ২০২০ চনৰ মাজত পাৰ্থক্য হ’ল যে শেষৰ দুটা মাহে ৰেংকিঙত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে দক্ষিণ ভাৰতৰ তুলনাত উত্তৰ ভাৰতত গৰম দ্ৰুত বৃদ্ধি পাইছে৷ তেওঁ কয়, ‘সমুদ্ৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধি পোৱাৰ কাৰণে সমুদ্ৰৰ জলৰাশি ওফন্দি উঠাৰ প্ৰৱণতা বাঢ়ে আৰু ফলত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পায়৷ তদুপৰি মহাসাগৰসমূহৰ উষ্ণতা বৃদ্ধিৰ কাৰণে হিমবাহ বা সাগৰীয় বৰফ দ্ৰুত গতিত গলিছে আৰু সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বাঢ়িছে৷ ফলত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ সকলো উপকূলীয় অঞ্চলৰ প্ৰতি ভাবুকিয়ে দেখা দিছে৷’ তেওঁ কয় যে হিমবাহবোৰ অহৰহ গলি থাকিলে ২০২৩ চনৰ ছিকিমৰ বান আৰু ২০২২ চনৰ পাকিস্তানৰ বানৰ দৰে অদূৰ ভৱিষ্যতে অধিক ঘটনা ঘটাৰ আশংকা আছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ২০১৫ চনৰ পৰা ২০২৩ চনলৈ যোৱা ৯টা বছৰ আটাইতকৈ বেছি গৰমৰ বছৰ আছিল৷ ২০২৩ চনত এল নিনোৰ কাৰণে ২০২৪ চনতো উষ্ণতা বৃদ্ধি পোৱাৰ আশংকা আছে৷ কাৰণ এল নিনো চৰম পৰ্যায়ত উঠাৰ পাছত সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় উষ্ণতাত বৃহত্তম প্ৰভাৱ পৰে৷ এল নিনোৰ সৈতে দক্ষিণ-পশ্চিম এছিয়াত বাৰিষা কম বৰষুণ দিয়াৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে এই বছৰ কেৰালাত স্বাভাৱিক অৱস্থাতকৈ সাত দিনৰ পাছত বাৰিষা আৰম্ভ হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here