শামুকত আছে সুস্থ শৰীৰ ৰক্ষাৰ বাবে উপাদেয় উপাদান৷ এসময়ত সুন্দৰবনসহ আদিবাসী অধ্যুষিত প্ৰত্যন্ত এলেকাৰ গৰিব মানুহখিনি বা আদিবাসী পৰিয়ালবোৰৰ মাজত এই শামুক খাদ্য হিচাপে খোৱাৰ যথেষ্ট প্ৰৱণতা আছিল৷ কিন্তু বৰ্তমান শামুকৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷ ডাঙৰ ডাঙৰ হোটেল, ৰেস্তোৰাঁবোৰত শামুকৰ ৰেচিপিৰ বেছ আদৰ আছে৷ খাদ্য হিচাপে শামুকৰ উপকাৰী গুণ জানিলে আপুনি আচৰিত নহৈ নোৱাৰিব৷ সাধাৰণতে শামুকৰ বিভিন্ন ব্যঞ্জন, চুপ বা মাংস হিচাপে খোৱা হয়৷ উচ্চমানবিশিষ্ট প্ৰ’টিন তথা ভিটামিনৰ উৎস এই শামুক খালে শৰীৰৰ বিভিন্ন উপকাৰ পোৱা যায়৷ ভিটামিন-এ সমৃদ্ধ শামুক চকুৰ বাবে যথেষ্ট উপকাৰী৷ শামুকত পটেচিয়ামৰ মাত্ৰা বেছি তথা ছ’ডিয়ামৰ মাত্ৰা কম থাকে বাবে উচ্চ ৰক্তচাপৰ মাত্ৰা বজাই ৰখাত সহায় কৰে৷ হৃদযন্ত্ৰ সুস্থ সবল কৰি ৰাখিবলৈ অথবা কিডনীৰ ৰোগৰ পৰা মুক্ত কৰিবলৈ নিয়মিতভাৱে শামুক খালে সুফল পোৱা যায়৷ শামুকত প্ৰচুৰ পৰিমাণে ফেটি এচিড পোৱা যায় বাবে মস্তিষ্কৰ বিকাশ, বৃদ্ধি হোৱাৰ লগতে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে৷