ভুল! কুকুৰ বুলি দুবছৰপুহিছিল হিংস্ৰ প্ৰাণীক

0
137


কুকুৰ বুলি ভাবি দুই বছৰধৰি ঘৰত এটা হিংস্ৰ প্ৰাণী পুহিছিল চীনৰ এহাল দম্পতীয়ে৷ দুবছৰ ধৰি দম্পতীহালে বেছ আদৰ-যত্ন কৰি ডাঙৰ কৰিছিল এই অচিন প্ৰাণীটোক৷ দিন বাগৰাৰ লগে লগে প্ৰাণীটোৰ লগাতকৈ আকাৰ যথেষ্ট বাঢ়িবলৈ লৈছিল৷ ইয়াৰ লগতে প্ৰাণীটোৱে আনক অত্যধিক খেদিবলৈ লয়৷ লাহে লাহে প্ৰাণীটোৰ ওপৰত গৃহস্থৰ সন্দেহ হয় আৰু তাক ভালদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে৷ তেওঁলোকে দেখিলে ইয়াৰ আচৰণ কুকুৰৰ দৰে নহয়৷ প্ৰাণীটোৰ ওপৰত সন্দেহ হোৱাত শেষত জানিব পাৰিলে যে ঘৰুৱা হিচাপে পোহপাল কৰা এই প্ৰাণীটো আচলতে কুকুৰ নহয়, ই এটা ভালুকহে৷ সম্প্ৰতি এনে এটা ঘটনাই ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ যি ঘটনা শুনি সকলোৰে চকু থিৰ হৈ পৰিছে৷ ঘটনাৰ বিৱৰণী মতে পুহিবলৈ অইন জন্তুৰ তুলনাত কুকুৰকে প্ৰায়ভাগ মানুহে প্ৰথম পচন্দ কৰে৷ তেনেধৰণে চীনৰ উক্ত দম্পতীহালেও বজাৰৰ পৰা কুকুৰৰ পোৱালি বুলি এই প্ৰাণীটো কিনি আনিছিল৷ দুবছৰ ধৰি এই প্ৰাণীটোৰ মৰম, আদৰ-যতনৰ মাজত ৰাখি পোহপাল দিছিল৷ কুকুৰ নহয় বুলি তেওঁলোকে ঘুণাক্ষৰেও আন্দাজ কৰিব পৰা নাছিল৷ কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ আচৰণৰ পৱিৰ্তন হোৱাত দম্পতীহালৰ সন্দেহ হয় আৰু অৱশেষত তেওঁলোকে দুবছৰ ধৰি পোহা জন্তুটো ভালুক বুলি নিশ্চিত হয়৷ উল্লেখ্য যে চীনৰ এই পৰিয়ালটোৱে ২০১৬ চনত এই প্ৰাণীটো টিবেটিয়ান মেষ্টিফ’ প্ৰজাতিৰ কুকুৰ বুলি পুহিবলৈ আনিছিল৷ ঘটনাটো পাছত পোহৰলৈ অহাত তেওঁলোকে বন বিভাগক খবৰ দিয়ে৷ বন বিভাগৰ লোকে এইটো ভালুক বুলি চিনাক্ত কৰে আৰু বন বিভাগৰ ফালৰ পৰা জনায় যে এইটো সাধাৰণ ভালুক নহয়, অত্যন্ত হিংস্ৰ প্ৰজাতিৰ এছিয়ান ভালুক, যাৰ ওজন ৪০০ পাউণ্ড পৰ্যন্ত হয়৷ শেষত বন বিভাগে ভালুকটো উদ্ধাৰ কৰি নিয়ে

LEAVE A REPLY

Please enter your comment!
Please enter your name here