সাৱধান : গুৱাহাটীত আছে সৰ্বাধিক এইডছত আক্ৰান্ত ৰোগী

0
149


সমগ্ৰ বিশ্বতে উদ্‌যাপন কৰা হ’ব বিশ্ব এইডছ দিৱস৷ প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱসৰূপে উদ্‌যাপন কৰি অহা হৈছে৷ সেই অনুসৰি ৰাজ্যত এইডছৰ সজাগতাৰূপে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এইডছ প্ৰিভেনশ্যন ছ’চাইটি, মেডিচিটি গুৱাহাটী আৰু ব্যতিক্ৰম গ্ৰুপে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত এইডছ প্ৰিভেনশ্যন ছ’চাইটিৰ অধ্যক্ষ ডাঃ এছ আই আহমেদ, মেডিচিটি গুৱাহাটীৰ সঞ্চালক ৰহিমাচুম ছিদ্দিকি আৰু ব্যতিক্ৰম গ্ৰুপৰ সভাপতি ড॰ সৌমেন ভাৰাতীয়াই যুটীয়াভাৱে সংবাদমেল আয়োজন কৰি কয় যে বিশ্ব এইডছ দিৱস উপলক্ষে তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এইডছৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এইবাৰৰ বিশ্ব এইডছ দিৱসৰ বিষয়বস্তু হৈছে লেট কমিউনিটিছ লিড৷ এই মূল বিষয়বস্তু লৈয়ে এই বছৰ বিশ্ব এইডছ দিৱস সমগ্ৰ বিশ্বত উদ্‌যাপন কৰা হ’ব৷ ইফালে তেওঁলোকে দাঙি ধৰা ২০২২-২৩ৰ তথ্য অনুসৰি ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰত সৰ্বাধিক এইডছ আক্ৰান্ত ৰোগী আছে৷ গুৱাহাটী মহানগৰত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৮৬০জন৷ আনহাতে নগাঁৱত আক্ৰান্তৰ সংখ্যা হৈছে ৭০৭জন আৰু কাছাৰত ৪০৭জন৷ ইনজেকশ্যন, ড্ৰাগ্‌ছৰ ব্যৱহাৰৰ ফলতেই এইচ আই ভিৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে বুলি তথ্যত প্ৰকাশ পাইছে৷ কিয়নো গুৱাহাটী মহানগৰীতেই প্ৰতি মাহত ৬৮জনকৈ লোক ২০২২-২৩ত এইডছত আক্ৰান্ত হয়৷ ২০২০-২১ত ১২৮৮ জন লোক এইডছত আক্ৰান্ত হৈছিল৷ ঠিক একেদৰে ২০২১-২২ত ৬২৮জন, ২০২২-২৩ত ১৭৫৬জন আৰু ২০২৩ৰ এপ্ৰিলৰ পৰা জুনলৈ ৬৬৯জন লোক এইচ আই ভিত আক্ৰান্ত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here