ডুবাইত অনুষ্ঠিত কপ ২৮ শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে কয় যে বিশ্বৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কয়লা আৰু জীৱাশ্ম ইন্ধনত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস কৰি এসময়ত বন্ধ কৰিব লাগিব৷ গুটাৰেছে কয় যে ইয়াৰ ফলতে বৰ্তমান কাৰ্বনৰ নিৰ্গমণ যথেষ্ট বৃদ্ধি পাইছে৷ যাৰ ফলত বিশ্বৰ উষ্ণতা অহৰহ বৃদ্ধি পাই গৈ আছে৷ এই বিষয়ত ভাৰত বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে কয়লা ভাৰতৰ ইন্ধনৰ প্ৰধান উৎস আৰু ভৱিষ্যতেও হৈ থাকিব৷ ভাৰতে অজীৱাশ্ম ইন্ধনৰ উৎপাদন ৪৪ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিলেও এতিয়াও কয়লা ব্যৱহাৰ কৰি ৭৩ শতাংশ বিদ্যুৎ উৎপাদন কৰা হয়৷ উল্লেখ্য যে বৰ্তমান বিশ্বত চাৰি হাজাৰ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমণ হৈ আছে৷ ইয়াৰ ফলত বায়ু প্ৰদূষণ, বিশ্বৰ উষ্ণতা বৃদ্ধি অহৰহ হৈ আছে৷