উদ্বেগজনক খবৰ : নৰ্থ গ্ৰীনলেণ্ডত বৰফৰ তৰপ ৩৫ শতাশ হ্ৰাস

0
658


সমগ্ৰ বিশ্বত জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ এটা উদ্বেগজনক খবৰ আহিছে নৰ্থ গ্ৰীনলেণ্ডৰ পৰা৷ নৰ্থ গ্ৰীনলেণ্ডৰ বৰফৰ তৰপবোৰৰ আয়তন ৩৫ শতাংশ কমিছে৷ বিগত পাঁচটা দশকত উত্তৰ গ্ৰীনলেণ্ডৰ হিমবাহৰ পৰা সম্প্ৰসাৰিত হোৱা বিশাল বৰফৰ তৰপবোৰ লক্ষণীয়ভাৱে গলিবলৈ ধৰিছে৷ জলবায়ুৰ গৱেষকসকলে কৰা অধ্যয়নত প্ৰকাশ পাইছে যে উত্তৰ গ্ৰীনলেণ্ডৰ হিমায়িত অংশৰ আয়তনৰ এক-তৃতীয়াংশ গলি গৈছে আৰু ইয়াৰে তিনিটা অংশ সম্পূৰ্ণ অস্তিত্বহীন হোৱাৰ দিশত৷ এই অঞ্চলৰ বৰফৰ তৰপবোৰ ১৯৭৮ চনৰ পৰা এতিয়ালৈকে প্ৰায় ৩৫ শতাংশ সংকুচিত হৈছে৷ চাৰিওফালে থকা সাগৰৰ উষ্ণতা বৃদ্ধিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰাথমিক অধ্যয়নত প্ৰকাশ পাইছে৷ গ্ৰীনলেণ্ডৰ বন্দৰসমূহত যদি বৰফবোৰ সম্পূৰ্ণৰূপে গলি যায়, তেনেহ’লে সাগৰৰ স্তৰ সাত ফুট পৰ্যন্ত বৃদ্ধি পাব আৰু সেইবাবে এনে ঘটনা বিপদ ঘণ্টাৰ নিচিনা হৈছে৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি, ২০০৬-২০১৮ চনপৰ্যন্ত গ্ৰীনলেণ্ডৰ বৰফৰ তৰপবোৰৰ বাবে সমুদ্ৰৰ স্তৰ ১৭.৩ শতাংশ বৃদ্ধি পাইছে৷ সাগৰৰ উষ্ণতা বৃদ্ধি হোৱাৰ বাবে ২০০০ আৰু ২০২০ চনৰ ভিতৰৰ বৰফ গলাৰ হাৰ আচৰিত ধৰণে বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here