মানসিক সমস্যা দূৰকৰিব পাৰে সুস্বাদু খাদ্যই

0
167


সুস্বাদু খাদ্যই মানুহৰ মানসিক চাপ আৰু মানসিক সমস্যা দূৰ কৰাত সহায় কৰে৷ এই কথা প্ৰকাশ পাইছে আমেৰিকাৰ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এটা অধ্যয়নৰ পৰা৷ তেওঁলোকৰ মতে, সুখী মন পেটৰ মাজেৰে পাৰ হয়৷ যদিহে আপুনি আপোনাৰ জিভা আৰু পেটক সুখী কৰি ৰাখে তেতিয়া মানসিক সমস্যা দূৰতে বিদূৰ কৰিব পাৰি৷ সুস্বাদু খাদ্যই প্ৰত্যক্ষভাৱে মানসিক স্বাস্থ্যক প্ৰভাৱ পেলায়৷ উল্লেখ্য যে ইয়াৰ আগলৈকে মানসিক সমস্যাৰ কাৰণে চৌপাশৰ পৰিৱেশ আৰু শাৰীৰিক স্বাস্থ্য দায়ী বুলি কৈ অহা হৈছিল৷ এই গৱেষণাই এই ক্ষেত্ৰত সম্পূৰ্ণ নতুন তথ্যৰ যোগান ধৰিলে৷ এই গৱেষণাৰ ফল ভৱিষ্যতে কেইবা কোটি লোকৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিব পাৰে৷ অনাগত দিনবোৰত মানসিক সমস্যা আঁতৰ কৰাৰ কাৰণে চিকিৎসকে ঔষধৰ পৰিৱৰ্তে কোনো ভাল ৰেস্তোৰাঁৰ ঠিকনা বা সুস্বাদু খাদ্যৰ তালিকা দিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি সুস্বাদু খাদ্য মানসিক চাপ নোহোৱা কৰা, হতাশা তথা মানসিক অশান্তি নোহোৱা কৰাত ঔষধৰ দৰে কাম কৰে৷ খাদ্যই আমাৰ মানসিক স্বাস্থ্যক কেনেকৈ প্ৰভাৱিত কৰে ইয়াৰ উত্তৰ বিচাৰি পাইছে বিশ্ববিদ্যালয়খনৰ গৱেষকসকলে৷ তেওঁলোকে কয় যে আমাৰ পেটত ভালেমান ভাল জীৱাণু থাকে৷ পাক উঠা খাদ্য আৰু দৈত এনেধৰণৰ উপকাৰী জীৱাণু পৰ্যাপ্ত মাত্ৰাত পোৱা যায়৷ এনেধৰণৰ খাদ্যৰ জৰিয়তে আমাৰ পেটত স্বাস্থ্যৰ বাবে উপকাৰী জীৱাণুৰ মাত্ৰা বৃদ্ধি পায়৷ পেটত এনেধৰণৰ জীৱাণু বৃদ্ধি পোৱাটোৱে আমাৰ আৱেগ-অনুভূতিক প্ৰভাৱিত কৰে৷ মনত একধৰণৰ সুখ অনুভৱ কৰা হয়৷ আনহাতে সুস্বাদু খাদ্যই জিভা আৰু পেটৰ জৰিয়তে মগজুলৈ সুখী হৈ থকাৰ বাৰ্তা প্ৰেৰণ কৰে৷ ইয়াৰ ফলত মানসিক সমস্যাৰ সৈতে যুঁজ দিয়াৰ ক্ষমতাও বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here