বিৰল দৃশ্য : হঠাৎ ৰক্তবৰ্ণ হৈ উঠিল মংগোলিয়াৰ আকাশ

0
139


হঠাৎ ৰক্তবৰ্ণ হৈ উঠিল আকাশ৷ এনে এক আ(ৰ্যকৰ ঘটনা দেখিবলৈ পোৱা গ’ল চীনৰ স্বায়ত্তশাসিত অঞ্চল মংগোলিয়াত৷ মংগোলিয়াৰ জনগণই মুকলি আকাশত দেখিবলৈ পালে এনে অক বিৰল ঘটনা৷ এই লৈ অঞ্চলটোৰ জনগণৰ মাজত উৎসুকতা তথা শংকা পৰিলক্ষিত হ’ল৷ আনহাতে বিজ্ঞানীসকলে কোৱা মতে আকাশৰ হঠাতে এইধৰণৰ ৰঙৰ পৰিৱৰ্তনৰ নেপথ্যত আছে সৌৰশিখা, যি পৃথিৱীক আঘাত হনাৰ পাছত আকাশখন ৰঙা বৰণৰ হৈ উঠে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে ই একধৰণৰ মেৰুপ্ৰভা৷ যাক সাধাৰণতে মেৰু অঞ্চলত দেখিবলৈ পোৱা যায়৷ বেছিভাগ সময়তেই ইয়াৰ ৰং বগা হৈ থাকে যদিও মংগোলিয়াৰ মেৰুৰ কাষত ইয়াৰ বৰণ ৰঙা দেখিবলৈ পোৱা গৈছে৷ আনহাতে বিজ্ঞানীৰ একাংশই ধাৰণা কৰা মতে ই এটা মহাজাগতিক বিৰল ঘটনা৷ যি পৃথিৱীৰ উচ্চ অক্ষাংশত সৌৰশিখাৰ সৈতে অক্সিজেনৰ ঘৰ্ষণ হৈ এনে ৰঙৰ সৃষ্টি হৈ মংগোলিয়াৰ আকাশত প্ৰতিফলিত হৈছে৷ ভাৰতীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ প্ৰতিবেদন মতে যোৱা কেইদিনমান আগতে বেছ কিছু সময় মংগোলিয়াৰ আকাশ নীলা তথা কলাৰ সলনি ৰঙা ৰূপ ধাৰণ কৰে৷ তাৰ কিছু সময় পাছতহে আকাশ ৰং পূৰ্বৰ লেখীয়া হয়৷ এনে বিৰল ঘটনাৰ সাক্ষী হ’বলৈ পাই অঞ্চলবাসীয়ে অৱশ্যে হতবাকো হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here