অতিমাত্ৰা উত্তপ্ত পৰিৱেশৰবুধ গ্ৰহতো জীৱন !

0
410


পৃথিৱীৰ বাদে আমাৰ সৌৰজগতত আন গ্ৰহত জীৱৰ সন্ধানত বিজ্ঞানীসকলে অনুসন্ধান চলাই আছে৷ বিজ্ঞানীসকলে এই দিশত ঘাইকৈ গুৰুত্ব আৰোপ কৰি আহিছে মঙল গ্ৰহক৷ ইয়াৰ উপৰি বৃহস্পতি আৰু শুক্ৰ গ্ৰহতো জীৱৰ সন্ধানত অন্বেষণ কৰি থকা হৈছে৷ কিন্তু বুধ গ্ৰহত জীৱ থকাৰ কোনো সম্ভাৱনা নাই বুলিয়েই ইমানদিনে ধৰি অহা হৈছে৷ ইয়াৰ কাৰণ হ’ল বুধৰ অতি মাত্ৰা উত্তপ্ত পৰিৱেশ৷ প্ৰায় ৪০০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত বুধ গ্ৰহৰ উপৰিভাগ উতলি থাকে৷ তেনে অৱস্থাত গ্ৰহটোত জীৱ থাকিব পাৰে বুলি ভবাটো কঠিন, কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নে বিজ্ঞানীসকলৰ এই দৃষ্টিভংগী সলনি কৰিব পাৰে৷ বুধ গ্ৰহৰ অধ্যয়ন কৰি থকা বিজ্ঞানীৰ দল এটাই গ্ৰহটোৰ মেৰু এলেকাত হিমবাহৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰিছে৷ তেওঁলোকৰ মতে এই হিমবাহতে জীৱ থাকিব পাৰে৷ এই অধ্যয়নটোৰ প্ৰতিবেদন প্ৰকাশ পাইছে প্লেনেটেৰী ছায়েন্স জাৰ্নেলত৷ প্ৰতিবেদনখনৰ মুখ্য নিবন্ধকাৰ এলেক্সিছ ৰড্ৰিগ্‌জে কয় যে এই নতুন তথ্যই গ্ৰহটোৰ পৰিৱেশৰ বিষয়ে বুজাত সহায় কৰিব৷ তেওঁৰ মতে, বুধ গ্ৰহৰ মেকু অঞ্চলত হিমবাহ থকা বুলি প্ৰমাণ পোৱা গৈছে, কিন্তু এই হিমবাহ পানীৰ নহয়, নিমখৰহে৷ তেওঁলোকৰ মতে, গ্ৰহটোৰ পৃষ্ঠভাগৰ পৰা কেইবামাইল তলত নিমখৰ হিমবাহ থাকিব পাৰে আৰু ই জীৱৰ বাবে অনুকূল হ’ব পাৰে বুলি তেওঁলোকে অনুমান কৰিছে৷ এই অধ্যয়নটোত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছায়ো আৰ্থিকভাৱে সহায় কৰিছিল৷ উল্লেখ্য যে কিছুদিনৰ আগতে আন এটা অধ্যয়নত বৃহস্পতিৰ উপগ্ৰহ গেনিমেডত কাৰ্বনিক পদাৰ্থ থাকিব পাৰে বুলি কোৱা হৈছে৷ এতিয়া বুধ গ্ৰহৰ বিষয়ে কৰা এই অধ্যয়নে পৃথিৱীৰ বাহিৰত জীৱৰ সম্ভাৱনাক লৈ বিজ্ঞানীসকলক উৎসাহিত কৰি তুলিছে৷ উল্লেখ্য যে বুধ গ্ৰহটো সূৰ্যৰ একেবাৰে কাষতে আছে৷ গ্ৰহটোত দিনৰ ভাগত তাপমাত্ৰা ৪০০ ডিগ্ৰী চেলছিয়াছৰ অধিক হয় আৰু নিশাৰ ভাগত তাপমাত্ৰা শূন্যৰ পৰা ১৮০ ডিগ্ৰী চেলছিয়াছ তললৈ নামে৷ ইয়াৰ লগতে গ্ৰহটোত বায়ুমণ্ডল নাই৷ সেয়েহে বুধ গ্ৰহত জীৱ থকাটো অসম্ভৱ বুলি কোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here