শীতকালত পাচলিবোৰৰ ভিতৰত অন্যতম জনপ্ৰিয় তথা প্ৰিয় হ’ল গাজৰ৷ সাধাৰণতে গাজৰ চালাড, ভাজি বা চৰকাৰী আদি বিভিন্ন ধৰণে খোৱা হয়৷ আনহাতে গাজৰৰ হালোৱা বুলি ক’লেতো কথাই নাই৷ বহুতৰে হালোৱাৰ নাম শুনিলেই জিভাৰ পানী পৰে৷ গাজৰত ফেট নাই বুলিয়েই ক’ব পাৰি৷ বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজৰে ভৰপূৰ গাজৰ চকুৰ বাবে অত্যন্ত উপকাৰী৷ ইয়াৰ লগতে গাজৰে ছালৰ উজ্জ্বলতা তথা সজীৱতা বৃদ্ধি কৰাত অৰিহণা যোগায়৷ গাজৰে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড॰ বিশ্বজিৎ চৌধাৰীৰ মতে গাজৰত কেলৰি কম থাকে৷ ইয়াত খনিজ, ফাইবাৰৰ উপৰি কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, আইৰন, ছডিয়াম, কপাৰৰ উপৰি ভিটামিন-এ আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণ পোৱা যায়৷ ইয়াত থকা ভিটামিন-এয়ে চকুৰ ড্ৰাই হোৱাৰ পৰা ৰক্ষা কৰে৷ দীৰ্ঘদিন গাজৰ খালে চকুৰ দৃষ্টিশক্তি অটুট থাকে৷ গাজৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ গাজৰত থকা ফাইবাৰে বহু সময়লৈ ভোক নলগাকৈ ৰাখে আৰু শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায় কৰে৷ আনহাতে গাজৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ গৱেষণাত প্ৰকাশ পোৱা মতে গাজৰত থকা ফাইবাৰ ডায়েবেটিছ ৰোগত ভোগাসকলৰ বাবে যথেষ্ট উপকাৰী৷ গাজৰৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷