পৃথিৱীৰ দিশে আহি আছেচয়তান ধূমকেতু

0
206


মাউণ্ট এভাৰেষ্টতকৈ তিনিগুণ ডাঙৰ এটা বিশাল ধুমকেতু পৃথিৱী দিশে আহি আছে৷ ইয়াক চয়তান ধূমকেতু বুলিও কোৱা হৈছে৷ দুটা শিং থকা এই ধূমকেতুটোত যোৱা চাৰি মাহত বৰফৰ জ্বালামুখী তিনিবাৰ উদ্‌গিৰণ হৈছে৷ আমাৰ সৌৰজগতৰ কেন্দ্ৰলৈ এই ধূমকেতুটোৱে তীব্ৰ গতিত ধাৱমান হৈছে৷ এই পথত ই পৃথিৱীৰো কাষ চাপিব৷ এই দুটা শিং থকা ধূমকেতুটোৰ নাম হ’ল ১২পি/পন্‌ছ-ব্ৰুক্‌ছ [১২পি]৷ ই এটা ক্ৰায়’ভল্‌কেনিক ধূমকেতু– যাক শীতল জ্বালামুখীৰ ধূমকেতু বুলিও কোৱা হয়৷ ইয়াত জ্বালামুখীৰ পৰা বৰফ উদ্‌গিৰণ হয়৷ ধূমকেতুটোৰ কেন্দ্ৰভাগত বৰফ, ধূলি আৰু গেছেৰে পৰিপূৰ্ণ হৈ আছে৷ ইয়াৰ চৌপাশে আছে গেছৰ ডাবৰ৷ এই ধূমকেতুটোৱে মহাকাশত অহৰহ অতি শীতল মেগমা এৰি আহিছে৷ ধূমকেতুটোৰ কেন্দ্ৰভাগৰ ব্যাস প্ৰায় ১৮ মাইল বুলি কোৱা হৈছে৷ সূৰ্য অভিমুখে ধাৱমান হোৱাৰ সময়ত ই মহাকাশ অতি ঠাণ্ডা বৰফৰ চিহ্ন এৰি থৈ আহিছে৷ ধূমকেতুৰ কেন্দ্ৰৰ ব্যাস ১৮ মাইল বুলি কোৱা হৈছে যদিও ইয়াৰ চৌদিশে ধূলি, গেছ তথা বৰফ ইয়াৰ প্ৰায় সাত হাজাৰ গুণ অধিক বিয়পি আছে৷ ১৮১২ চনত সৰ্বপ্ৰথমে আৱিষ্কাৰ কৰা এই ধূমকেতুটো অহা বছৰ জুনত পৃথিৱীৰ কক্ষপথৰ একেবাৰে কাষ চাপিব৷ অৱশ্যে ধূমকেতুটোৱে পৃথিৱীত কোনো ক্ষতি নকৰিব বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here