মাটিৰ ওপৰৰ পৰা একো এটা গম নাপালেও ভূগৰ্ভৰ তলত একাধিক পাত সচল অৱস্থাত আছে৷ অৰ্থাৎ মাটিৰ তলত ইফালৰ পৰা সিফাললৈকে গোটেই ভূখণ্ডতে এই পাতবোৰ বিস্তাৰিত হৈ আছে৷ এই পাতবোৰ ইফাল-সিফাল কৰাৰ ফলতে এখন পাতৰ সৈতে আন এখন পাতৰ মুখামুখিকৈ খুন্দা খোৱা অথবা এখন পাতে আন এখন পাতৰ ওপৰত উঠিলে পৃথিৱীত কম্পনৰ সৃষ্টি হয়, যাক ভূমিকম্প বুলি কোৱা হয়৷ কিন্তু ভূগৰ্ভত তলত থকা এই পাতৰ সংখ্যা এখন বা দুখন নহয়, অসংখ্য৷ কোটি কোটি বছৰ আগেয়ে পৃথিৱীপৃষ্ঠ আজিৰ দৰে কঠিন নাছিল৷ প্ৰচণ্ড তাপমাত্ৰাৰ ফলত সকলোতে আছিল ঠেঁটুৱৈ লগা জাৰ৷ বছৰ বছৰ ধৰি ঠাণ্ডা হৈ হৈ বৰ্তমান আজিৰ এই অৱস্থা পাইছে৷ আনহাতে পৃথিৱীৰ এই বিৱৰ্তনৰ ফলত মাটিৰ একেবাৰে তলত ভাসমান অৱস্থাত আছে কঠিন, প্ৰস্তৰ দ্বাৰা গঠিত বৃহদাকায় পাতবোৰ৷ আৰু সেই পাতবোৰ সচল অৱস্থাত আছে৷ যোৱা কেইবাদশক ধৰি পাতৰ তত্ত্ব অধ্যয়ন কৰা হৈছে, যিয়ে মহাদেশ বা মহাসাগৰৰ অৱস্থান, পাহাৰ, পৰ্বতৰ গঠন, ভূমিকম্প, অগ্নু্্যৎপাতৰ সঠিক কাৰণ নিৰ্ধাৰণত সহায়ক হয় বুলি কোৱা হৈছে৷ সাধাৰণতে এই পাতবোৰৰ চলন তিনি প্ৰকাৰৰ৷ অপসাৰী [দুটা পাতৰ পৰস্পৰৰ পৰা আঁতৰি যোৱা], অভিসাৰী [পৰস্পৰৰ দিশে আগুৱাই, যাৰ কাৰণ সংঘৰ্ষত বাধা] আৰু নিৰপেক্ষ চলন [পৰস্পৰৰ কাষ এৰাই চলা]৷ পৃথিৱীৰ গৰ্ভত এই পাতৰ সংখ্যা জানিলে আচৰিত হ’ব৷ ভূতত্ত্ববিদসকলৰ মতে প্ৰাথমিকভাৱে এই পাত ১২-১৪ আছে৷ এই একোটা পাত প্ৰায় দুই কোটি বৰ্গকিলোমিটাৰ ঠাইজুৰি বিস্তৃত হৈ আছে৷ ইয়াৰ ভিতৰত উত্তৰ আমেৰিকা, আফ্ৰিকা, ইউৰোপীয়, ইণ্ডো-অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা আৰু প্ৰশান্ত মহাসাগৰীয় পাত উল্লেখযোগ্য৷ এই পাতবোৰৰ ভিতৰত সকলোতকৈ বৃহত্তম পাতটো হ’ল প্ৰশান্ত মহাসাগৰীয় পাত, যি ১০ কোটি বৰ্গকিলোমিটাৰজুৰি বিস্তাৰ লাভ কৰি আছে৷ দ্বিতীয় স্থানত আছে উত্তৰ আমেৰিকাৰ পাত, যাৰ বিস্তাৰ সাত কোটি ৫৯ লাখ বৰ্গকিলোমিটাৰ৷ ইয়াৰ লগতে আন পাঁচটা সৰু পাত আছে ক্ৰমে ফিলিপাইনছ সাগৰ, কোকোজ, নাজকা, আৰবীয় আৰু হুৱান ডি ফুচা৷ ইয়াৰ লগতে অসংখ্য ক্ষুদ্ৰ পাতে আছে৷ বৃহদাকায় পাতবোৰৰ সীমাত এনে বহু ক্ষুদ্ৰ পাত আছে, যাৰ সামগ্ৰিক আয়তন প্ৰায় ১০ লাখ বৰ্গকিলোমিটাৰ৷ পৃথিৱীৰ গৰ্ভত এনেধৰণৰ ৫৭টা পাত আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷